অসম

assam

By

Published : Sep 7, 2020, 3:07 PM IST

ETV Bharat / briefs

কংগণা ৰানাৱটৰ বাবে বিশেষ নিৰাপত্তা বেষ্টনি হিমাচল প্ৰদেশ চৰকাৰৰ

কংগণা ৰানাৱটৰ পিতৃে দেওবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰক শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে দিয়া ভাবুকি সম্পৰ্কত কন্যাৰ সুৰক্ষা বিচাৰি আবেদন জনাইছিল । ইয়াৰ পূৰ্বে কৰা এটা টুইটত কংগণাই প্ৰকাশ কৰে যে,তেওঁ ৯ চেপ্তেম্বৰত মুম্বাইলৈ ঘূৰি আহিব।লকডাউনৰ সময়ছোৱাত মানালিৰ ঘৰত সময় কটোৱা কংগণা মুম্বাইৰ ঘৰলৈ ঘূৰি আহিব,যত কিছুদিন পূৰ্বে স্বাংকী প্ৰডাক্সনৰ কাৰ্যালয় উদ্বেধন কৰা হৈছিল ।

ৱাই কেটেগৰীৰৰ নিৰাপত্তা কংগণা ৰানাৱটক
ৱাই কেটেগৰীৰৰ নিৰাপত্তা কংগণা ৰানাৱটক

মুম্বাই, ৭ চেপ্তেম্বৰঃ বলীউডৰ অভিনেত্ৰী কংগণা ৰানাৱটে দেওবাৰে তেওঁৰ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ সৈতে হোৱা শেহতীয়া সংঘাতৰ বাবে নিৰাপত্তাৰক্ষী বিচাৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰক আহ্বান জনোৱাৰ পিচতে অভিনেত্ৰীগৰাকীক কেন্দ্ৰীয় নিৰাপত্তা এজেন্সীৰ তৰফৰ পৰা ৱাই কেটেগৰীৰৰ নিৰাপত্তা প্ৰদান কৰা হৈছে ।

Kangana Ranaut given Y-plus category security by Centre

কংগণা ৰানাৱটৰ পিতৃে দেওবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰক শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে দিয়া ভাবুকি সম্পৰ্কত কন্যাৰ সুৰক্ষা বিচাৰি আবেদন জনাইছিল । ইয়াৰ পূৰ্বে কৰা এটা টুইটত কংগণাই প্ৰকাশ কৰে যে,তেওঁ ৯ চেপ্তেম্বৰত মুম্বাইলৈ ঘূৰি আহিব।লকডাউনৰ সময়ছোৱাত মানালিৰ ঘৰত সময় কটোৱা কংগণা মুম্বাইৰ ঘৰলৈ ঘূৰি আহিব,যত কিছুদিন পূৰ্বে স্বাংকী প্ৰডাক্সনৰ কাৰ্যালয় উদ্বেধন কৰা হৈছিল ।

কংগণাৰ পিতৃয়ে নিৰাপত্তা বিচাৰি আৰক্ষীক লিখিত আবেদন জনাইছিল । শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ সৈতে হোৱা বিতৰ্কৰ পিচতে শিৱসেনাৰ নেতাই মহাৰাষ্ট্ৰৰ প্ৰতিনিধিত্ব নকৰে বুলি উল্লেখ কৰি অহা ৯ চেপ্তেম্বৰত কংগণা মুম্বাইলৈ ঘূৰি আহিব বুলি জনায় পিতৃয়ে।

কংগনা ৰাণাৱটৰ অফিচিয়েল টুইটাৰত পষ্ট কৰা এটা ভিডিঅত কয় যে, যি নাৰীক শোষণ কৰে তেওঁক ক্ষমতাৰ পৰা আতৰোৱা উচিত, তেওঁ কয় যে, ভাৰতৰ নাৰীক কৰা অপমাজনক মন্তব্যৰ বাবে সঞ্জয় ৰাউটক কেতিয়াও ক্ষমা কাৰটো উচিত নহয় । সঞ্জয় ৰাউট, আপুনি মোক হাৰামখোৰ বুলি কৈছিল, এইটোৱে আপোনাৰ মানসিকতাকে প্ৰতিফলিত কৰিছে। মই যদি মুম্বাই আৰক্ষীক সমালোচনা কৰো বা আপোনাক সমালোচনা কৰো তাৰমানে এইটো নহয় যে,মই মহাৰাষ্ট্ৰক অপমান কৰিছো । আপুনি আৰু আপোনাৰ মানুহে মোক ভাবুকি দিছে, তথাপিও মই ৯ ছেপ্তেম্বৰত মুম্বাইলৈ আহি আছো ।

আপোনাৰ মানুহে কৈছে যে, মোৰ কোৱাৰি ভাঙি দিব, মোক হত্যা কৰা হব । মোক মাৰি পেলাওক, এই দেশৰ মাটিত মৰ্যদাৰ বাবে যিসকলে তেওঁলোকৰ ৰক্ত ত্যাগ কৰিছে তেওঁলোকৰ দৰে মইও সৰ্বস্ব ত্যাগ কৰিম ।

ৰাণাৱটে পালঘৰ হত্যাকাণ্ডৰ সময়ত মুম্বাই আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবে বিষয়টো উত্থাপন কৰিছিল আৰু তাৰ মৃত্যুৰ ঘটনাত অভিনেতা সুশান্ত সি ৰাজপুতৰ পিতৃৰ অনুৰোধ স্বত্বেও মুম্বাই আৰক্ষীয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কত গোচৰ ৰুজু নকৰাকলৈও সমালোচনা কৰে ।

ABOUT THE AUTHOR

...view details