অসম

assam

ETV Bharat / briefs

আৰ্থিক দৈন্যতা এতিয়া হেঙাৰ মৃগাংকৰ বাবে ... - প্ৰণিতা বৰুৱা

কলিয়াবৰৰ মৃগাংক বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮২%ৰে সফলতা লাভ কৰিলে ৷ মৃগাংকৰ সফলতাত এতিয়া আনন্দিত অঞ্চলবাসী কিন্তু আৰ্থিক অনাটন এতিয়া হেঙাৰ হৈ থিয় দিছে এইজন মেধাৱী ছাত্ৰৰ বাবে ৷

কলিয়াবৰৰ কৃতিমান ছাত্ৰ

By

Published : May 19, 2019, 11:14 PM IST

কলিয়াবৰ, 19মে' : দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ নহয় ৷ ইয়াৰ প্ৰমাণ দাঙি ধৰিলে কলিয়াবৰৰ মৃগাংক বৰুৱাই ৷ কলিয়াবৰ মহকুমাৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৮২%ৰে উজ্বলি উঠিল মৃগাংক ৷ বৰুৱা গাঁৱৰ ভূজেন বৰুৱা আৰু প্ৰণিতা বৰুৱাৰ একমাত্ৰ পুত্ৰ মৃগাংকৰ এই সাফল্যত আনন্দিত মৃগাংকৰ পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী ৷ মৃগাংকই চাৰিটা বিষয়ত লেটাৰসহ অসমীয়াত ৮৩, ইংৰাজীত ৮০, সাধাৰণ গণিতত ৮৭, সাধাৰণ বিজ্ঞানত ৭৭, সমাজ বিজ্ঞানত ৭৭, ঐছিক ভূগোলত ৮৭ নম্বৰ লাভ কৰি মুঠ ৪৯২ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ মৃগাংকৰ পিতৃয়ে কলৰ ক্ষুদ্ৰ ব‍্যৱসায় আৰু স্থানীয় ভাওনা-সভাত চানা বিক্ৰী কৰি পৰিয়ালটোক ভৰণ-পোষণ দিয়াৰ লগতে পুত্ৰৰ পঢ়া-শুনাৰ খৰচ বহন কৰে ৷ মৃগাংকয়ো পিতৃৰ কামত পাৰ্যমানে সহায় কৰি দিছিল ৷ পুত্ৰৰ সাফল্যত পিতৃ আনন্দিত যদিও মৃগাংকৰ উচ্চ শিক্ষাৰ বাবে চিন্তিত হৈ পৰিছে ৷ কিয়নো, উচ্চ শিক্ষাৰ বাবে পিতৃ আৰ্থিক ভাৱে সক্ষম নহয় ৷ যাৰ বাবে মৃগাংকৰ পিতৃয়ে ই টি ভাৰতৰ সাংবাদিকৰ জৰিয়তে আৰ্থিক সাহাৰ্য্য বিচাৰে ৷ মৃগাংকই ভৱিষ্যতে এগৰাকী বেংক বিষয়া হ'ব বিচাৰে ৷

কলিয়াবৰৰ কৃতিমান ছাত্ৰ

ABOUT THE AUTHOR

...view details