অসম

assam

ETV Bharat / briefs

কাকপথাৰত পালন সাহিত্য-সংগীত চৰা অনুষ্ঠান

কাকপথাৰৰ বৰালি ওভতা গাঁও ৰাজহুৱা খেলপথাৰত সাহিত্য-সংগীত চৰা নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়, অনুষ্ঠানত কণ-কণ শিশুসকলৰ মাজত বিহু নামকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়

By

Published : May 1, 2019, 7:44 PM IST

সাহিত্য-সংগীত চৰা অনুষ্ঠান

কাকপথাৰ, ১মেঃ বুধবাৰে কাকপথাৰৰ বৰালি ওভতা গাঁও ৰাজহুৱা খেলপথাৰত এখন সাহিত্য-সংগীত চৰা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মৰাণ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কৰা এই অনুষ্ঠানত মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰে। মৰাণ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক সমাজত বৰ্তাই ৰাখিবলৈ মৰাণ সাহিত্য সভাই এই পদক্ষেপ হাতত লয়। এই অনুষ্ঠানত কণ-কণ শিশুসকলৰ মাজত মৰাণ বিহুৰ এক প্ৰতিযোগীতাৰ আয়োজন কৰাৰ লগতে মৰাণ ঢোল,মৰাণৰ কুলাবুঢ়ী নাচ, মৰাণ জাতিৰ বিষয়ে ৰচনা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মৰাণ সাহিত্য সভাৰ সভাপতি তৰুণ বৰুৱা মৰাণ, সম্পাদক অজিত মৰাণ, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণকে ধৰি মৰাণ মহিলা পৰিষদৰ সভানেত্ৰী প্ৰিয়লতা মৰাণ উপস্থিত থাকে।

সাহিত্য-সংগীত চৰা অনুষ্ঠান

ABOUT THE AUTHOR

...view details