নলবাৰী,২৬ এপ্ৰিল : শুকুৰবাৰে নলবাৰী জিলাত প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ সাংবাদিকসকলে । জিলাখনৰ ৰাজেন ডেকা নামৰ এজন বাতৰি কাকতৰ সাংবাদিকক দূৰ্বৃত্তই নিশাৰ এন্ধাৰৰ সুযোগ লৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি প্ৰতিবাদত নামে সাংবাদিকসকলে । এই প্ৰতিবাদত সাংবাদিকসকলক সহযোগ কৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বহু দল-সংগঠনে । প্ৰতিবাদকাৰীসকলে ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় ।
নলবাৰীত সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ - চোকা অস্ত্ৰ
নলবাৰী জিলাত সাংবাদিকসকলৰ লগতে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজেন ডেকা নামৰ সাংবাদিকজনক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে
উল্লেখযোগ্য যে ২৩ এপ্ৰিলত বৰক্ষেত্ৰীৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হোৱা উত্তেজনা তথা দূৰ্নীতিৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ডেকাৰ ওপৰত বিজেপি সমৰ্থনকাৰীয়ে আক্ৰমণ চলায় । ইপিনে, বিজেপি কৰ্মীয়ে ফেচবুকত বাতৰিটোৰ এটা অশালীন পোষ্ট দি সাংবাদিকগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে এই পোষ্টটোত বৰক্ষেত্ৰীৰ বিজেপি সমৰ্থনকাৰীয়ে সাংবাদিকগৰাকীৰ বিৰুদ্ধে নানা কটু বাক্যৰে কমেন্ট কৰে । সাংবাদিকগৰাকীক ফেচবুকত অশালীন মন্তব্য কৰাতে ক্ষান্ত নাথাকি বৃহস্পতিবাৰে কৰ্তব্যৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে নিশাৰ সুযোগ লৈ সাংবাদিকগৰাকীক আক্ৰমণ কৰে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নলবাৰী জিলাতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
আৰু চাবলৈ - মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক