অসম

assam

By

Published : Sep 26, 2020, 5:41 PM IST

Updated : Sep 26, 2020, 6:57 PM IST

ETV Bharat / briefs

যোৰহাটত বিজেপিক উৎখাতৰ পণ কৃষক মুক্তিৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সদায়েই অভিযোগ কৰি আহিছে,বিজেপি চৰকাৰে একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থত কাম কৰি আহিছে । শেহতীয়াকৈ কৃষি খণ্ডত প্ৰযোজ্য কৰিব বিচৰা কৃষি বিধেয়ক খনে যেন তাকেই পুনৰ এবাৰ প্ৰমাণ কৰিলে ।

Jorhat kmss protest
যোৰহাটত বিজেপিক উৎখাতৰ পণ কৃষক মক্তিৰ

যোৰহাট, ২৬ ছেপ্টেম্বৰ:কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সদায়েই অভিযোগ কৰি আহিছিল যে বিজেপি চৰকাৰে একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থত কাম কৰি আহিছে । শেহতীয়াকৈ কৃষি খণ্ডত প্ৰযোজ্য কৰিব বিচৰা কৃষি বিধেয়ক খনে যেন তাকেই পুনৰ এবাৰ প্ৰমাণ কৰিলে । এই অভিযোগ উত্থাপন কৰি শনিবাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে তিনিখন বিলৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

যোৰহাটত বিজেপিক উৎখাতৰ পণ কৃষক মক্তিৰ

বিভিন্ন সমস্যাই জৰ্জৰিত দেশৰ কৃষকৰ সমস্যা সমাধান নকৰি একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থত তিনিখনকৈ বিধেয়ক ক্ৰমে:- Farmers produce trade and commerce(promotion and facilitation)bill,2020, Farmers (empowerment and protection) Agreement of price Assurance and Farm services bill,2020 আৰু Essential commodities (Amendment)bill গৃহীত কৰিবলৈ লোৱাত দেশৰ কৃষি খণ্ড পুঁজিপতিৰ হাতলৈ যোৱাটো নিশ্চিত বুলি অভিযোগ কৰিলে প্ৰতিবাদকাৰীসকলে।

যোৰহাটত বিজেপিক উৎখাতৰ পণ কৃষক মক্তিৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এইসকল প্ৰতিবাদকাৰীয়ে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি দলটোক পুলিয়ে পুখাই উভালি পেলোৱাৰ বাবে ল'লে পণ ৷

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালক সৰ্বকালৰ ব‍্যৰ্থ মুখ‍্যমন্ত্ৰী আখ্যা অখিল গগৈৰ

Last Updated : Sep 26, 2020, 6:57 PM IST

ABOUT THE AUTHOR

...view details