গোৱালপাৰা,১৫ ডিচেম্বৰঃ গোৱালপাৰাত কৃষক সভাই মঙলবাৰে কৃষি আইন বাতিল আৰু কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক সকলৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকিৰ প্ৰয়াস সৃষ্টি কৰা নতুন কৃষি আইন বাতিল কৰাৰ লগতে মাটিৰ জৰীপ কৰি মাটিৰ পট্টা প্ৰদান কৰা আৰু সকলো প্ৰকাৰৰ উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীত মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোৱালপাৰা জিলা কৃষক সভাৰ লগতে বিভিন্ন দল সংগঠনে ।
গোৱালপাৰাত কৃষক সভাৰ যৌথ প্ৰতিবাদ - গোৱালপাৰাত কৃষক সভাৰ যৌথ প্ৰতিবাদ
গোৱালপাৰাত জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত কৃষক সভাৰ যৌথ প্ৰতিবাদ । দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থন জনাই গোৱালপাৰা কৃষক সভাৰ এই প্ৰতিবাদ ।

এই প্ৰতিবাদত ভাগ লোৱা কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,চিপিআই(এম),চি পি আই,নিখিল ভাৰত কৃষক সভাই আজিৰ এই প্ৰতিবাদী আন্দোলনত সহযোগিতা আগবঢ়ায় । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । নতুনকৈ গৃহিত কৰা কৃষি আইন বাতিল নকৰা পৰ্যন্ত কৃষক সভাৰ এই আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে কৃষক সভাৰ জিলা সভাপতি ননী দাসে।
লগতে পঢ়কঃ পৃথিৱীৰ পৰা ১০০ মিলিয়ন কিলোমিটাৰ দূৰৈত অৱস্থান চীনৰ মংগল যান