স্পোৰ্টছ ডেস্ক, ২৪ জুন : এছ ইংলিছ পেছাৰ জোফ্ৰা আৰ্চাৰে ইংলেণ্ডৰ শিৱিৰত উপস্থিত হোৱাৰ পিছতে তেওঁৰ পৰিয়ালৰ এগৰাকী সদস্যৰ অসুস্থতাৰ বাবে তেওঁৰ উপস্থিতি পলমকৈ হয় । সেয়েহে আৰ্চাৰে বৃহস্পতিবাৰে প্ৰশিক্ষণ শিবিৰৰ বন্ধ দুৱাৰৰ পিছত যোগদান দিব যদি তেওঁৰ দ্বিতীয়টো কোভিড-১৯ পৰীক্ষাতো নিগেটিভ ফলাফল ওলায় ।
দ্বিতীয়টো কোভিড-১৯ৰ পৰীক্ষাৰ বাবে সাজু জোফ্ৰা আৰ্চাৰ - ইংলিছ পেছাৰ জোফ্ৰা আৰ্চাৰ
ইংলিছ পেছাৰ জোফ্ৰা আৰ্চাৰে দ্বিতীয়টো কোভিড-১৯ পৰীক্ষাত নিগেটিভ ফলাফল ওলোৱাৰ পিছতহে বৃহস্পতিবাৰে অনুশীলনত অংশগ্ৰহণ কৰিব । ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ড (ECB)য়ে সদৰি কৰে এই কথা ।
দ্বিতীয়টো কোভিড-১৯ৰ পৰীক্ষাৰ বাবে সাজু জোফ্ৰা আৰ্চাৰ
আৰ্চাৰ আৰু তেওঁৰ পৰিয়ালৰ এজন সদস্যৰ প্ৰথম কোভিড-১৯ পৰীক্ষাত নিগেটিভ ফলাফল পোৱা গৈছে । বুধবাৰে পুনৰ তেওঁ দ্বিতীয়টো পৰীক্ষা কৰিব । যদি এই পৰীক্ষাৰ ফলাফল নিগেটিভ আহে, তেতিয়া আৰ্চাৰে বৃহস্পতিবাৰে অনুশীলনত ভাগ লব । ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ড (ECB)য়ে জানিবলৈ দিয়ে এই কথা ।
লগতে পঢ়ক : লা লিগা : এথলেটিকক 1-0 ব্যৱধানত পৰাস্ত বাৰ্চিলোনাৰ