অসম

assam

ETV Bharat / briefs

এইবাৰ দক্ষিণ কামৰূপত দেখা দিছে ভয়াৱহ এনকেফেলাইটিছে

বৰ্তমান সময়ত আতংকৰ অন্য এটা নাম হৈছে জাপানীজ এনকেফেলাইটিছ । কাৰণ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে ভয়াৱহ এনকেফেলাইটিছে ।

By

Published : Jul 3, 2019, 8:07 PM IST

দক্ষিণ কামৰূপত দেখা দিছে ভয়াৱহ এনকেফেলাইটিছ ৰোগে

দক্ষিণ কামৰূপ,৩ জুলাইঃৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । উজনিৰ পিছত এইবাৰ আতংকই দেখা দিছে দক্ষিণ কামৰূপত । জাপানীজ এনকেফেলাইটিছৰ কৱলত পৰিছে দক্ষিণ কামৰূপৰ পলাশবাৰী বজাৰাপাৰা অঞ্চল । ইতিমধ্যে এই অঞ্চলৰ এগৰাকী যুৱতী এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত চিকিৎসাধীন হৈ আছে আমিনগাঁওস্থিত জি এন আৰ চিত ।

দক্ষিণ কামৰূপত দেখা দিছে ভয়াৱহ এনকেফেলাইটিছ ৰোগে

কেইদিনমানধৰি জ্বৰত আক্ৰান্ত হৈ থকা যুৱতীগৰাকীয়ে হঠাৎ ডিঙিত কিছু বিষ অনুভৱ কৰি মজিয়াতে ঢলি পৰিছিল । তাৰপিছতে পানবজাৰস্থিত এম এম চি এইচত ভৰ্তি কৰাই যদিও অৱস্থা গুৰুতৰ হোৱাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় আমিনগাঁওস্থিত জি এন আৰ চিত । তাৰপিছতে যুৱতীগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি অৱগত কৰে যাৰবাবে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী । গাঁওখনত পূৰ্বে কেতিয়াও নোহোৱা এই ৰোগবিধৰ বাবে আতংকিত হৈ পৰিছে পলাশবাৰীৰ বজাৰাপাৰাৰ লোকসকল । যাৰবাবে এতিয়া প্ৰশাসনৰ সহায় বিচাৰিছে গাঁওবাসীয়ে ।

ABOUT THE AUTHOR

...view details