অসম

assam

ETV Bharat / briefs

লক্ষ্যত উপনীত নোহোৱালৈকে বিজ্ঞানীসকল থমকি নৰয়ঃ মোডী - মোডী

চন্দ্ৰপৃষ্ঠত অৱতৰণ নকৰালৈকে ইছৰোৰ বিজ্ঞানীসকলে থমকি নৰয় ৷ চন্দ্ৰপৃষ্ঠত প্ৰৱেশৰ পূৰ্বে 'বিক্ৰম'ৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ যোৱাৰ কথা ইছৰোয়ে ঘোষণা কৰাৰ পাছতে এনেদৰে মন্তব্য কৰে দেশৰ প্ৰধানমন্ত্ৰী জনে ৷

চন্দ্ৰযান-2

By

Published : Sep 7, 2019, 4:35 PM IST

নেশ্বনেল ডেস্ক, 7 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে মন্তব্য কৰে যে, চন্দ্ৰপৃষ্ঠত অৱতৰণ নকৰালৈকে ইছৰোৰ বিজ্ঞানীসকলে থমকি নৰয় ৷ চন্দ্ৰপৃষ্ঠত প্ৰৱেশৰ পূৰ্বে 'বিক্ৰম'ৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ যোৱাৰ কথা ইছৰোয়ে ঘোষণা কৰাৰ পাছতে এনেদৰে মন্তব্য কৰে দেশৰ প্ৰধানমন্ত্ৰী জনে ৷ lতেওঁ কয়,- 'বেংগালুৰু'ত মই ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে সময় পাৰ কৰিলো ৷ তেওঁলোকৰ সাহস দেখি মই অভিভূত হৈ পৰিলো ৷ বৃহৎ প্ৰত্যাহ্বান আৰু কঠিন পৰিস্থিতিতো কেনেদৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব লাগে সেয়া আমি ইছৰোৰ বিজ্ঞানী সকলৰ পৰা শিকা উচিত ৷ তেওঁলোকে লক্ষ্যত উপনীত নোহোৱালৈকে থমকি নৰয় ৷" ৷

লক্ষ্যত উপনীত নোহোৱালৈকে বিজ্ঞানীসকল থমকি নৰয়, মোডী

উল্লেখ্য যে, ছেপ্তেম্বৰৰ 2 তাৰিখে চন্দ্ৰযান-2 ৰ পৰা বিক্ৰম পৃথক হৈ পৰিছিল ৷ শুকুৰবাৰৰ নিশা চন্দ্ৰপৃষ্ঠত প্ৰৱেশৰ পূৰ্বে বিক্ৰমৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল ইছৰোৰ ৷

ABOUT THE AUTHOR

...view details