নিউজ ডেস্ক, ৫ জুলাইঃবাগদাদস্থিত আমেৰিকা দূতাবাসৰ ওপৰত হোৱা ৰকেট আক্ৰমনক ইৰাকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰে বাধা প্ৰদান কৰা হয় । অল আৰবিয়াৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি, ইৰাক বায়ু প্ৰতিৰক্ষা ব্য়ৱস্থাই বাগদাদস্থিত আমেৰিকা দূতাবাসক আক্ৰমনৰ লক্ষ্য কৰি প্ৰেৰণ কৰা ৰকেটক বাধা প্ৰদান কৰে ।
আমেৰিকা দূতাবাসত আক্ৰমনৰ লক্ষ্য কৰি প্ৰেৰণ কৰা ৰকেটক বাধা ইৰাকৰ - অল আৰবিয়াৰ সংবাদদাতা
ইৰাকৰ ৰাজধানী বাগবাদস্থিত আমেৰিকা দূতাবাসক লক্ষ্য কৰি কেইবাবাৰো আক্ৰমন চলোৱা হৈছিল । বিগত অক্টোবৰ মাহৰ পৰা ইৰাকত প্ৰায় ২১ বাৰ আক্ৰমন কৰা হৈছিল বুলি জানিব পৰা গৈছে।
![আমেৰিকা দূতাবাসত আক্ৰমনৰ লক্ষ্য কৰি প্ৰেৰণ কৰা ৰকেটক বাধা ইৰাকৰ US Embassy in Baghdad](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11:44:13:1593929653-7897597-469-7897597-1593912017384.jpg)
আমেৰিকা দূতাবাসত আক্ৰমনৰ লক্ষ্য কৰি প্ৰেৰণ কৰা ৰকেটক বাধা ইৰাকৰ
ইয়াৰ পূৰ্বে কেইবাবাৰো ইৰাকৰ ৰাজধানী বাগবাদস্থিত আমেৰিকা দূতাবাসক লক্ষ্য কৰি আক্ৰমন চলোৱা হৈছিল । চলিত বৰ্ষৰ মে' মাহতো আমেৰিকা দূতাবাসক উদ্দেশ্য়ি ৰকেটেৰে আক্ৰমন কৰিছিল । কিন্তু এই আক্ৰমনত কোনো লোক হতাহত হোৱা নাছিল । উল্লেখ্য যে, বিগত অক্টোবৰ মাহৰ পৰা ইৰাকত প্ৰায় ২১ বাৰ আক্ৰমন কৰা হৈছিল ।
লগতে পঢ়ক :আমেৰিকাৰ 244 সংখ্যক স্বাধীনতা দিৱসত মোডীৰ শুভেচ্ছা বাৰ্তা