ইন্টাৰনেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ:আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেন্টাগনৰ প্ৰতিৰক্ষা সচিব খ্ৰীছ মিলাৰৰ চীফ অব ষ্টাফ হিচাপে নিৰ্বাচিত হৈছে মাৰ্কিন ভাৰতীয় কাশ পেটেল ৷ ড'নাল্ড ট্ৰাম্পে পূৰ্বৰ প্ৰতিৰক্ষা সচিব মাৰ্ক এচপাৰক নিলম্বিত কৰি খ্ৰীছ মিলাৰক নিযুক্তি প্ৰদানৰ এদিন পিছতে চীফ অব ষ্টাফ হিচাপে নিৰ্বাচিত হয় কাশ।
সম্প্রতি নেশ্যনেল চিকিউৰিটি কাউন্সিল ষ্টাফৰ পদত অধিষ্ঠিত কাশ পেটেলক মঙলবাৰে খ্ৰীছ মীলাৰে তেখেতৰ চীফ ষ্টাফ হিচাপে নিযুক্ত কৰে। ইয়াৰ পূৰ্বে এই পদত অধিষ্ঠিত আছিল জেন ষ্টিৱাৰ্ড।
কাশ্যপ প্ৰমোদ পেটেল ওৰফে কাশ পেটেলে হাউচ পাৰমানেন্ট চিলেক্ট কমিটিৰ চিনিয়ৰ কেউঞ্চেল হিচাপে কৰ্মৰত আছিল। ২০১৯ বৰ্ষত ৩৯ বছৰ বয়সত তেখেত হোৱাইট হাউচৰ ‘Counterterrorism Directorate of the National Security Council’ৰ চিনিয়ৰ ডাইৰেক্টৰ হিচাপে নিযুক্ত হৈছিল।