অসম

assam

ETV Bharat / briefs

২০২৫লৈ যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে ভাৰতে ২৪ ঘণ্টাই কাম কৰি আছে: প্ৰধানমন্ত্ৰী মোদী - যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ সময়সীমা

কৰ্ণাটকৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ২৫ সংখ্য়ক প্ৰতিষ্ঠা দিৱস উপলক্ষে সোমবাৰে ভিডিঅ' কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন । যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ সময়সীমা বিশ্বজুৰি ২০৩০ চন যদিও ভাৰতে ৫ বছৰ আগবাঢ়ি আছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰী মোদীৰ যক্ষ্মা ৰোগক লৈ মন্তব্য
প্ৰধানমন্ত্ৰী মোদীৰ যক্ষ্মা ৰোগক লৈ মন্তব্য

By

Published : Jun 1, 2020, 4:58 PM IST

Updated : Jun 1, 2020, 7:37 PM IST

নেশ্যনেল ডেস্ক, ১ জুন: সোমবাৰে কৰ্ণাটকৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ২৫ সংখ্য়ক প্ৰতিষ্ঠা দিৱসত ভিডিঅ' কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ২০৩০ৰ বিশ্বজোৰা লক্ষ্যৰ পূৰ্বেই ভাৰতে ২০২৫ চনৰ লক্ষ্য আগত ৰাখি যক্ষ্মা ৰোগ দূৰ কৰিবলৈ ২৪ ঘণ্টা কামত মনোনিৱেশ কৰি আছে । বছৰি ৪ বাৰ টীকাকৰণৰ ক্ষেত্ৰত মিছন ইন্দ্ৰধনুষৰ অৱদান উল্লেখ্যনীয় ।

২০২৫লৈ যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে ভাৰতে ২৪ ঘণ্টাই কাম কৰি আছে: প্ৰধানমন্ত্ৰী মোদী

কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে প্ৰায় ৫০ জনৰো অধিক বিভিন্ন ক্ষেত্ৰৰ স্বাস্থ্যকৰ্মীৰ বাবে শিক্ষাৰ প্ৰসাৰৰ হেতু নতুন আইন প্ৰৱৰ্তনৰ অনুমোদন দিয়ে । কিয়নো এই আইনখন কাৰ্যকৰী হ'লে দেশত স্বাস্থ্যকৰ্মীৰ সমস্যা দূৰ হ'ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মত প্ৰকাশ কৰে । আমি বৃহত দিশত জনপ্ৰিয় টেলিমেডিচিনৰ আৰ্হিৰ কথা চিন্তা কৰিব পাৰোনে? প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশ্ন কৰে এইদৰে । লগতে তেওঁ কয় যে, স্বাস্থ্য ক্ষেত্ৰত মেক ইন ইণ্ডিয়া জড়িত হৈ আছে । আৰম্ভণিতে হোৱা লাভালাভে তেওঁক আৰু অধিক আশাবাদী কৰি তুলিছে ।

মোদীয়ে কয় যে,দেশীয় প্ৰস্তুতকাৰী সংস্থাই ইতিমধ্যে পিপিই উৎপাদনৰ কাম আৰম্ভ কৰি দিছে । কৰ'ণা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি এতিয়ালৈ কমেও ১ কোটি পিপিই কৰ'ণা যোদ্ধাসকললৈ পঠোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ বৰষুণৰ ঢলত কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ শৈল স্পাৰ ক্ষতিগ্ৰস্ত

Last Updated : Jun 1, 2020, 7:37 PM IST

ABOUT THE AUTHOR

...view details