ধুবুৰী, 11 এপ্ৰিলঃ "কংগ্ৰেছ, অসম গণ পৰিষদ কোনো ফেক্টৰ নহয় | মোৰ প্ৰতিদ্বন্দিতা হ'ব এ আই ইউ ডি এফৰ সৈতে |" বৃহস্পতিবাৰে পশ্চিম বিলাসীপাৰাত মাত্ৰ তিনি জন সমৰ্থক আৰু দুজন দেহৰক্ষী লগত লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈ এই মন্তব্য কৰে ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে ৷লগতে প্ৰাৰ্থী গৰাকীয়ে বিপুল ভোটত জয়ী হ'ব বুলিও দাবী কৰে নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে ৷ অনুন্নত ধুবুৰী লোকসভা সমষ্টিৰ প্ৰকৃত ছবিখন সাংসদত দাঙি ধৰাৰ উদ্দেশ্যেৰে তেঁও নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে ।
তিনিজন সমৰ্থক লৈ নিৰ্বাচনী প্ৰচাৰ শুকুৰ আলীৰ - assam news
বৃহস্পতিবাৰে পশ্চিম বিলাসীপাৰাত মাত্ৰ তিনিজন সমৰ্থক আৰু দুজন দেহৰক্ষী লগত লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈ এই মন্তব্য কৰে ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে৷ লগতে প্ৰাৰ্থী গৰাকীয়ে তেঁও বিপুল ভোটত জয়ী হ'ব বুলিও দাবী কৰে ।
তিনিজন সমৰ্থক লৈ নিৰ্বাচনী প্ৰচাৰ শুকুৰ আলীৰ
আনহাতে, বদৰুদ্দিন আজমলক পৰাভূত কৰাই প্ৰাৰ্থী গৰাকীৰ মূল লক্ষ্য বুলিও মন্তব্য কৰে শুকুৰ আলীয়ে ৷ তদুপৰি আজমলে বি টি এ ডিৰ নিৰ্বাচনত ইউপিপিএল দলক সমৰ্থন কৰা বিষয়টি সহজভাৱে মানি লব পৰা নাই বুলি মন্তব্য কৰে শুকুৰ আলীয়ে |
উল্লেখ্য যে, ২৬ বছৰীয়া শুকুৰ আলী ৰাজ্যৰ কনিস্টতম লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ।