অসম

assam

চৌব্বিছ ঘন্টাৰ ভিতৰত দিল্লীত সংঘটিত নটাকৈ হত্যাকাণ্ড

By

Published : Jun 23, 2019, 5:46 PM IST

বিগত চৌব্বিছ ঘন্টাৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত সংঘটিত হয় নটাকৈ হত্যাকাণ্ড ৷ ঘটনাকলৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত ৷

চৌব্বিছ ঘন্টাৰ ভিতৰত দিল্লীত সংঘটিত নটাকৈ হত্যাকাণ্ড

নিউজ ডেস্ক, 23 জুনঃবিগত চৌব্বিছ ঘন্টাত নতুন দিল্লীত সংঘটিত হয় নটাকৈ হত্যাকাণ্ডৰ ঘটনা ৷ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ আইন-শৃংখলা আৰু সুৰক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰাত চূড়ান্তৰূপে ব্যৰ্থ হৈছে দিল্লী আৰক্ষী ৷

দক্ষিণ দিল্লীৰ বসন্ত এপাৰ্টমেন্টৰ ভিতৰত ৰাতিপুৱাৰ ভাগত উদ্ধাৰ হয় এহাল বৃদ্ধ পতি-পত্নীৰ মৃতদেহ ৷ ইয়াৰ উপৰিও দুৰ্বৃত্তই হত্যা কৰে তেওঁলোকৰ ঘৰত থকা কাম কৰা মহিলাগৰাকীকো ৷ নিহত পতি-পত্নীহাল বিষ্ণু মাথুৰ-শশী মাথুৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আনহাতে তেওঁলোকৰ ঘৰত কাম কৰা মহিলাগৰাকী খুচবু বুলি জানিব পৰা গৈছে আৰু তেওঁকো ডিঙি চেপি হত্যা কৰিছে দুৰ্বৃত্তই ৷

চৌব্বিছ ঘন্টাৰ ভিতৰত দিল্লীত সংঘটিত নটাকৈ হত্যাকাণ্ড

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান অব্যাহত ৰাখিছে আৰু মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, বিগত চৌব্বিছ ঘন্টাৰ ভিতৰত এইদৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত নটাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগতে এগৰাকী মহিলা সাংবাদিকৰ ওপৰতো দুৰ্বৃত্তই গুলীচালনা কৰে ৷ গুলীচালনাৰ ঘটনাত সাংবাদিকগৰাকী ভাগ্যক্ৰমে ৰক্ষা পৰে যদিও ইয়াৰ পিচতেই পুনৰবাৰ দিল্লীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

ABOUT THE AUTHOR

...view details