অসম

assam

By

Published : May 26, 2019, 5:03 AM IST

ETV Bharat / briefs

কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱা আদৰ্শ কৃষক দীপক ৰায়ৰ মৃত্যু

উচ্চ ৰক্তচাপত হঠাৎ মৃত্যু মুখত পৰে আদৰ্শ কৃষক দীপক ৰায় ৷ তেওঁৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ ৷

কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱা আদৰ্শ কৃষক দীপক ৰায়ৰ মৃত্যু

বিহালী, 26 মে': যি সময়ত অধিকাংশ শিক্ষিত যুৱক যুৱতী চাকৰিমুখী হৈছে, চাকৰিৰ জড়িয়তে জীৱন গঢ়াৰ সপোন ৰচিছে ঠিক তেনে সময়তেই বিহালীৰ আদৰ্শ কৃষক দীপক ৰায়ে কৃষি কৰ্মৰ জৰিয়তে নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনকো স্বাৱলম্বী পথ দেখুৱাই আহিছিল ৷ কিন্তু শনিবাৰে উচ্চ ৰক্তচাপত হঠাৎ মৃত্যু মুখত পৰে ১২ টা মাহত ১৩ টা খেতি কৰি অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বীতাৰ পথ দেখুওৱা এই আদৰ্ষ কৃষকজন৷ কৃষকজনৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত৷ তেওঁ মৃত্যুৰ সময়ত পত্নীসহ এহাল লৰা-ছোৱালী এই সংসাৰত এৰি থৈ যায়৷ মাত্ৰ 36 বছৰ বয়সত মৃত্যু মুখত পৰে এইগৰাকী আদৰ্শ কৃষক দীপক ৰায়৷

কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱা আদৰ্শ কৃষক দীপক ৰায়ৰ মৃত্যু

কৃষকগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগনন লোকে ভৰি পৰে ৰাইৰ বাসগৃহত৷ বিহালী বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ততকে ধৰি গণ শিল্পী বিনোদ খনাল, বতীয়ামাৰী বনিক সন্হা বিহালী প্ৰেছ ক্লাৱ, বিহালী চাহ খেতিয়ক সন্থা,সাংবাদিক সুৰক্ষা মঞ্চ অসম, কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিশ্বনাথ জিলা, সমাজ কৰ্মী ৰুপক শৰ্মা, সাংবাদিক দিগন্ত শইকীয়া, শ্ৰীমন্ত দাস, ভুৱন লুইটেল, খগেন মটক বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক, অসম জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কৃষক গৰাকী এনে মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷

ABOUT THE AUTHOR

...view details