নতুন দিল্লী, ১৯ জুন : শুকুৰবাৰে হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড (HMIL)য়ে কয় যে,কোম্পানীটোৱে ‘অনলাইন অটোমোটিভ ৰিটেইল প্লেটফৰ্ম ক্লিক টু বাই’ৰ মাধ্যমেৰে হুণ্ডাই বাহন কিনাসকলৰ বাবে এইছডিএফচি (HDFC) বেংকৰ সৈতে অংশীদাৰিত্বত ভাগ লয় ।
‘এই অংশীদাৰিত্বই এইছডিএফচি বেংকৰ গ্ৰাহকসকলক ‘ক্লিক টু প্লেটফৰ্ম’ মাধ্যমেৰে ঋণ লোৱাত সহায় কৰিব । এই অংশীদাৰিত্বই আকৰ্ষণীয় বিত্তীয় চুক্তিৰ মাধ্যমেৰে আভাসী স্থানৰ গ্ৰাহকসকলক বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত নতুনত্ব আনি দিব । ‘ক্লিক টু বাই’ মুকলি কৰাৰ পিছত কোম্পানীটোৱে ৯ লাখতকৈও অধিক আগ্ৰহী লোকৰ মুখামুখি হৈছে আৰু দুমাহত ১৭ হাজাৰতকৈও অধিক পঞ্জীয়ন দাখিল হৈছে ।'' হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ কাৰ্যকৰী নিৰ্দেশক কৰ্পৰেট পৰিকল্পনা ডব্লিউ এছ ওহ (W S Oh)য়ে সদৰী কৰে এই কথা ।