মৰাণ, ১৫ ডিচেম্বৰ : ডিব্ৰুগড়ৰ চেঁচা বাগানৰ ২০ নং লাইনত সোমবাৰে এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় । প্ৰায় ৬০ কিলোগ্ৰাম ওজনৰ অজগৰডাল জকাই খণ্ড বন বিষয়াই বনকৰ্মীৰ সহযোগত উদ্ধাৰ কৰি জকাই সংৰক্ষিত বনাঞ্চলত মেলি দিয়ে । খণ্ড বন বিষয়া দ্বিজেন নেওগে সাংবাদিকক জানিব দিয়া মতে, জকাই সংৰক্ষিত বনাঞ্চলত শতাধিক অজগৰ এতিয়াও আছে । জিলাখনৰ সকলো ঠাইতে উদ্ধাৰ হোৱা অজগৰ জকাইৰ সংৰক্ষিত বনাঞ্চলতে আশ্ৰয় প্ৰদান কৰা হয় ।