নিউজ ডেস্ক , এপ্ৰিলঃ কৰ্ণাটকৰ হুবলিত আৰক্ষীয়ে এজন কিশোৰ সহ মুঠ 3 জন লোকক সোণ চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে 21 লাখ টকাৰ মূল্যৰ সোণ,কেমেৰা আৰু বাইক জব্দ কৰে ৷
কৰ্ণাটকত কিশোৰসহ আটক 3 সোণ চোৰ
আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে 21 লাখ টকাৰ মূল্যৰ সোণ, কেমেৰা আৰু বাইক জব্দ কৰে
কৰ্ণাটাকত কিশোৰ সহ আটক মুঠ 3 সোণ চোৰ
আৰক্ষী উপায়ুক্ত এম.এন নাগৰাজে জনোৱা অনুসৰি কিশোৰ সহ, চোৰৰ দলটোৱে আধা কিলোগ্ৰামতকৈও অধিক সোণ লুট কৰে যাৰ বজাৰ মূল্য 21 লাখ টকা হ'ব ৷ ইয়াৰোপৰি তেখেতে জনাই যে আৰক্ষীয়ে এই চুৰিকাণ্ড সন্দৰ্ভত চোৰৰ দলটোৰ পৰা কিশোৰসহ, মুঠ 3 জন লোকক গ্ৰেপ্তাৰ কৰে যদিও আন 2 জন লোক বৰ্তমানেও পলাতক অৱস্থাত আছে ৷ সম্প্ৰতি আৰক্ষীয়ে পলাতক অভিযুক্ত কেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷