অসম

assam

ETV Bharat / briefs

অসম জাতীয় বিদ্যালয়ৰ শিৰত সাফল্যৰ মুকুট - হাইমাদ্ৰাছা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসম জাতীয় বিদ্যালয়ৰ প্ৰিয়ংকা কলিতাই পঞ্চম স্থান লাভ কৰাৰ বিপৰীতে মুঠ ১৫৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০শতাংশই উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য অসম জাতীয় বিদ্যালয়ৰ

By

Published : May 15, 2019, 4:09 PM IST

Updated : May 15, 2019, 4:19 PM IST

গুৱাহাটী,১৫মে' : আজি ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত পুনৰবাৰ জিলিকিল নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় । বিদ্যালয়খনৰ প্ৰিয়ংকা কলিতাই পঞ্চম স্থান লাভ কৰাৰ বিপৰীতে মুঠ ১৫৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০শতাংশই উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য অসম জাতীয় বিদ্যালয়ৰ

বিদ্যালয়খনৰ পৰা ডিষ্টিংচনসহ ৫৭গৰাকী, ষ্টাৰ ৪২গৰাকী উত্তীৰ্ণ হোৱাৰ লগতে প্ৰথম বিভাগত ১৪৬ গৰাকী, দ্বিতীয় বিভাগ ৯ গৰাকী আৰু তৃতীয় বিভাগত এগৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । অসমীয়াত ৯৪ গৰাকী, ইংৰাজীত ৮৬গৰাকী, বিজ্ঞানত ৬৬গৰাকী, সমাজ বিজ্ঞানত ৮১গৰাকী, অংকত ৯৬গৰাকী, ঐচ্ছিক গণিতত ৪৩গৰাকী, কম্পিউটাৰত ২৮গৰাকী, ভূগোলত ১গৰাকী ,সংগীতত ৪গৰাকী আৰু আন বিষয়ত ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ লাভ কৰে । বিদ্যালয়খনৰ চিমি বৈশ্য নামৰ ছাত্ৰী এগৰাকীয়ে তিনিটাকৈ বিষয়ত ১০০ নম্বৰ লাভ কৰে ।

Last Updated : May 15, 2019, 4:19 PM IST

ABOUT THE AUTHOR

...view details