হাউছফুল ৪ৰ ছৱিৰ গীতত স্বাক্ষৰিত হ'ল নৱাজিদ্দিন চিদ্দিকি
হাউছফুল ৪ৰ ছৱিৰ বাবে স্বাক্ষৰিত হ'ল নৱাজুদ্দিন ছিদ্দিকি, ছৱিখন মুক্তি লাভ কৰিব দিপাৱলীত
নিউজ ডেস্ক, ২১মে' : হাউছফুল ৪ৰ ছৱিৰ বাবে স্বাক্ষৰিত হ'ল নৱাজুদ্দিন ছিদ্দিকি । বহু দিনৰ অন্তত অভিনেতাজনক দেখা পোৱা যাব হাউছফুল ৪ৰ এটি গীতত । ইতিম্ধ্যেই এই গীতটিৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে ।
উল্লেখ্য যে, হাউছফুল ৪ৰ চিত্ৰগ্ৰহণৰ কাম উত্তৰ প্ৰদেশত কৰা হৈছে । যোৱা বছৰ ছৱিখনৰ এটি গীতৰ চিত্ৰগ্ৰহণৰ কাম সম্পন্ন কৰা হৈছিল যদিও পুনৰ এই ছৱিখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে । ছৱিখনত ৰিটিকেশ দেশমুখ, কৃৰ্তি চানন, অক্ষয় কুমাৰ,ববী দেউলৰ লগতে কৃৰ্তি খাৰবন্ধাই মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি তৰণ আদৰ্শে টুইটাৰযোগে জনায় । ছৱিখন মুক্তি লাভ কৰিব এই বৰ্ষৰ দিপাৱলীত ।