নিউজ ডেস্ক, 1 জুলাইঃ খাদ্যত অত্যাধিক পৰিমাণৰ নিমখৰ ব্যৱহাৰে মাতি আনিব পাৰে বিপদ ৷ শেহতীয়াকৈ বিজ্ঞানীক সকলে কৰা এক গৱেষণাৰ জৰিয়তে পোহৰলৈ আহে এই তথ্য ৷ অধিক নিমখে দেহত Gastrointestinal Bloating নামৰ ৰোগৰ সৃষ্টি কৰাৰ লগতে দেহত উচ্চ ৰক্তচাপৰ পৰিমাণ বঢ়াত সহায় কৰে ৷ দুবছৰ পূৰ্বে বৈজ্ঞানিক সকলে গৱেষণাৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিয়ে ৷
অত্যাধিক পৰিমাণৰ নিমখ সেৱনে মাতি আনিব বিপদঃ গৱেষণাৰ দ্বাৰা প্ৰমাণিত
আনহাতে গৱেষক সকলে জানিবলৈ দিয়ে যে খাদ্যত ব্যৱহাৰ হোৱা উচ্চ পৰিমাণৰ ফাইবাৰে কম পৰিমাণৰ ফাইবাৰৰ খাদ্যৰ তুলনাত উক্ত ৰোগ বিধ দেহত প্ৰৱেশ কৰাত সহায় কৰে ৷ আমেৰিকাৰ এখন পত্ৰিকাত এই কথা প্ৰকাশ হয় ৷
আনহাতে গৱেষক সকলে জানিবলৈ দিয়ে যে খাদ্যত ব্যৱহাৰ হোৱা উচ্চ পৰিমাণৰ ফাইবাৰে কম পৰিমাণৰ ফাইবাৰৰ খাদ্যৰ তুলনাত উক্ত ৰোগ বিধ দেহত প্ৰৱেশ কৰাত সহায় কৰে ৷ আমেৰিকাৰ এখন পত্ৰিকাত এই কথা প্ৰকাশ হয় ৷ এই গৱেষণা কৰা হৈছিল আমেৰিকাৰ একাংশ প্ৰাপ্তবয়স্ক লোকৰ ওপৰত ৷ আৰু গৱেষণাত প্ৰকাশ পায় যে 90 শতাংশতকৈ অধিক লোকৰ দেহত Gastrointestinal Bloating ৰোগবিধৰ বীজাণুৰ উপস্থিতি ধৰা পৰে ৷ অত্যাধিক পৰিমাণৰ নিমখ সেৱন কৰাৰ ফলত শৰীৰত পিত্তৰোগৰো সৃষ্টি হয় ৷ মানৱ শৰীৰত প্ৰয়োজন হোৱা আঁহজাতীয় কোষ বৃদ্ধিৰ ক্ষেত্ৰতো বাধাৰ কাৰক হিচাপে দেখা দিয়ে৷ এই গৱেষণাত প্ৰকাশ পাইছে যে Gastrointestinal Bloating ৰোগৰ বীজাণুৱে মানৱ শৰীৰত বিষৰ উপষৰ্গ হিচাপে ক্ৰিয়া কৰে ৷