তেজপুৰ,৩০মে': তেজপুৰত ধুমুহাৰ তাণ্ডৱ। বুধবাৰে নিশা অহা বিধ্বংসী ধুমুহাই তেজপুৰৰ কলিবাৰী,পৰোৱা,মহাভৈৰৱ,মাজগাঁও,বেচেৰীয়া আদি ঠাইত বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাত অঞ্চলকেইটাৰ বিদ্যুৎ সংযোগী বহু খুটাৰ লগতে বহু পৰিয়ালৰ গৃহ আৰু মন্দিৰ ভাঙি পৰে। যাৰ ফলত অঞ্চলকেইটাত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। ইফালে,শুকুৰবাৰলৈ অঞ্চলকেইটাত বিদ্যুৎ সংযোগ স্থাপন কৰিব পৰা নাযাব বুলিও বিদ্যুৎ বিভাগে জানিবলৈ দিয়ে।
ধুমুহাই কালৰূপ ধাৰণ কৰিলে তেজপুৰত - গৃহ
তেজপুৰত ধুমুহাত বিস্তৰ ক্ষতি সাধন, সমগ্ৰ তেজপুৰত ব্যাহত হৈ পৰে যাতায়ত আৰু বিদ্যুৎ সংযোগ, বহু ঠাইত ভাঙি পৰে মন্দিৰ

ধুমুহাই কালৰূপ ধাৰণ কৰিলে তেজপুৰত
ধুমুহাই কালৰূপ ধাৰণ কৰিলে তেজপুৰত
আনহাতে,তেজপুৰ মিচন চাৰিআলিৰ পৰা 15নং ৰাষ্টীয় ঘাইপথৰ ছাগলী আঁহতৰ পথতো প্ৰকাণ্ড গছ বাগৰি পৰে। গছ বাগৰি পৰাৰ ফলত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা। ডিপোটা দলঙতো ধুমুহাৰ ফলত গছ বাগৰি পৰে আৰু দলঙৰ এটা মুৰ ভাঙি পৰে। সমগ্ৰ তেজপুৰ চহৰত বৰ্তমানলৈ অচল হৈ আছে মোবাইল সেৱা।
Last Updated : May 30, 2019, 6:12 PM IST