হাজো,২মে' : কামৰূপ জিলা প্ৰশাসনৰ সীমান্তবৰ্তি হাজোৰ খলিহামাৰীত পাগলদিয়া নদীৰ বাঢ়নী পানীয়ে চলাইছে তাণ্ডৱ । নদীৰ গঢ়া খহি বিঘাই-বিঘাই পথাৰৰ লগতে কেইবাটাও বাসগৃহৰ ক্ষতি হয় । এই গৰাখহনীয়াৰ বাবে এতিয়া আতংকিত হৈ উঠিছে ৰাইজ । ইফালে, গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰক অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি খবৰ দি আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।
হাজোৰ খলিহামাৰীত পাগলদিয়া নদীৰ তাণ্ডৱ - প্ৰশাসন
হাজোৰ খলিহামাৰীত পাগলদিয়া নদীৰ গৰাখহনীয়াই তাণ্ডৱ চলায়, গৰাখহনীয়াত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে পথাৰ জাহ যায়
হাজোৰ খলিহামাৰীত পাগলদিয়া নদীৰ তাণ্ডৱ
উল্লেখ্য যে, ১৯৯৬ চনত পাগলদিয়া নদীৰ গৰাখহনীয়াৰ কৱলত পৰি খলিহামাৰী গাওখনৰ কেইবাটাও পৰিয়াল স্থানান্তৰিত হবলগীযা হৈছিল । ইয়াৰ পাছত পুনৰ গৰাখহনীয়াৰ ফলত অঞ্চলটোৰ ২০টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন হৈছিল । চৰকাৰৰ ওচৰত অঞ্চলবাসীৰ দাবী অতি শীঘ্ৰে এই গৰাখহনীয়া ৰোধ কৰক ।