হাইলাকান্দি,22 মে': হাইলাকান্দি জিলা প্ৰশাসনে বন্ধ কৰিছে নিৰ্বাচনৰ পৰৱৰ্তী সকলো ধৰণৰ বিজয় উৎসৱ,সমদল আদি ৷ হাইলাকান্দি জিলাৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই ব্যৱস্থা ৷ অহা কালিৰ ভোট গণনাৰ পিছত সকলো প্ৰকাৰ উদযাপন আৰু বিজয় উৎসৱ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে ৷
নিৰ্বাচনৰ পিচত কোনো বিজয় উৎসৱ উদযাপন কৰিব নোৱাৰিবঃ হাইলাকান্দি প্ৰশাসনৰ নিষেধাজ্ঞা - Etv bharat
হাইলাকান্দি জিলা প্ৰশাসনে বন্ধ কৰিছে নিৰ্বাচনৰ পৰৱৰ্তী সকলো ধৰণৰ বিজয় উৎসৱ,সমদল আদি ৷ হাইলাকান্দি জিলাৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই ব্যৱস্থা ৷
![নিৰ্বাচনৰ পিচত কোনো বিজয় উৎসৱ উদযাপন কৰিব নোৱাৰিবঃ হাইলাকান্দি প্ৰশাসনৰ নিষেধাজ্ঞা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3351410-thumbnail-3x2-hailakandi.jpg)
নিৰ্বাচন পৰৱৰ্তী বিজয় উৎসৱ হাইলাকান্দি প্ৰশাসনৰ নিষেধাজ্ঞা
নিৰ্বাচন পৰৱৰ্তী বিজয় উৎসৱ হাইলাকান্দি প্ৰশাসনৰ নিষেধাজ্ঞা
আজি হাইলাকান্দি উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে জিলা প্ৰশাসনৰ মুৰব্বীসকলে। সংবাদ মেলত উপস্থিত থাকে হাইলাকান্দিৰ নিৰ্বাচনী পৰ্যবেক্ষক ৰাধা কিশোৰ ঝা আৰু দক্ষিণ অসমৰ ডি আই জি প্ৰশান্ত কুমাৰ দত্ত।
উল্লেখ্য যে যোৱা ১০ মে' তাৰিখে ৰমজানৰ নামাজ পঢ়াক লৈ কেন্দ্ৰ কৰি একাংশ লোকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। য'ত এজন লোক নিহত হোৱাৰ বিপৰীতে তিনিজন আৰক্ষীসহ প্ৰায় ১৫ জনকৈ লোক আহত হৈছিল।