গুৱহাটী, ২৭ এপ্ৰিল : শনিবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকবন্ধু ডা০ ভুৱনেশ্বৰ বৰুৱা ৪নং ছাত্ৰাবাসত আৰম্ভ হয় হীৰক জয়ন্তী সমাৰোহ । দুদিনীয়া কাৰ্যসূচীৰে ছাত্ৰাবাসটোত অনুষ্ঠিত কৰা হয় হীৰক জয়ন্তী । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ উপস্থিত থাকে । অনুষ্ঠানত গগৈয়ে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰে । তাৰোপৰি ভাষা আন্দোলনৰ সময়চোৱাত এই হোষ্টেলৰ পৰায়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ সহযোগীসকলে কেনেদৰে জপিয়াই পৰিছিল সেই বিষয়েও সাংবাদিকৰ আগত প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । এই হোষ্টেলৰ পৰাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ সংগঠনৰো জন্ম দিয়াৰ কথা জানিবলৈ দিয়ে সাংবাদিকক ।
ডা০ ভুৱনেশ্বৰ বৰুৱা ৪নং ছাত্ৰাবাসৰ হীৰক জয়ন্তী
গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকবন্ধু ডা০ ভুৱনেশ্বৰ বৰুৱা ৪নং ছাত্ৰাবাসত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় হীৰক জয়ন্তী সমাৰোহ, সমাৰোহত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
ডা০ ভুৱনেশ্বৰ বৰুৱা ৪নং ছাত্ৰাবাসৰ হীৰক জয়ন্তী
ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাত উৎফুল্লিত হৈ পৰে ছাত্ৰাবাসটোৰ ছাত্ৰসকল । হীৰক জয়ন্তিৰ লগত সংগতি ৰাখি সাহিত্য সম্পকীয় আলোচনা, সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে ছাত্ৰাবাসটোৰ ছাত্ৰসকলে ।
লগতে চাবলৈ : ডা: সুমিত কুমাৰ গাৰোডিয়াৰ লগতে পত্নীক শেষ শ্ৰদ্ধা শিৱসাগৰবাসীৰ