অসম

assam

ETV Bharat / briefs

মহানগৰীৰ নলাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ নলাত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ, আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে

By

Published : Apr 30, 2019, 8:30 PM IST

নলাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

গুৱাহাটী,৩০ এপ্ৰিলঃ গুৱাহাটী মহানগৰীত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। সাতগাঁৱৰ বাসন্তী বজাৰৰ সমীপৰ নলাত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ। নৱজাতকটোৰ মৃতদেহ দেখাৰ লগে-লগে হাহাকাৰ সৃষ্টি হয় অঞ্চলটোত। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত সাতগাওঁ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজৰ সন্দেহ অনুযায়ী কোনো পাষণ্ড মাতৃয়ে অবৈধ ভাৱে প্ৰসৱ কৰি এনেদৰে পেলাই থৈ গৈছে নৱজাতকটিক। আৰক্ষীয়ে ইতিমধ্যেই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

নলাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details