অসম

assam

ETV Bharat / briefs

নৱম স্থান দখলেৰে গুৱাহাটী কৰ্মাচ কলেজৰ নাম উজলালে চিমি দাসে - গুৱাহাটী কৰ্মাচ কলেজ

সৰ্বমুঠ ৪৫২ নম্বৰ লাভেৰে বাণিজ্য শাখাত নৱম স্থান দখল কৰে গুৱাহাটী কৰ্মাচ কলেজৰ ছাত্ৰী চিমি দাসে।

Guwahati commerce college
Guwahati commerce college student Simi Das got 9th position in AHSEC exam

By

Published : Jun 26, 2020, 3:43 PM IST

গুৱাহাটী, ২৬ জুনঃ বৃহস্পতিবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। ফলাফল অনুসৰি কলা শাখাত ৭৮.২৮%, বিজ্ঞানত ৮৮.০৬% আৰু বাণিজ্য শাখাত ৮৮.১৮% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত বাণিজ্য শাখাত নৱম স্থান দখলেৰে গুৱাহাটী কৰ্মাচ কলেজৰ নাম উজলাবলৈ সক্ষম হৈছে চিমি দাসে। সৰ্বমুঠ ৪৫২ নম্বৰ লাভেৰে নৱম স্থান দখল কৰে চিমিয়ে।

নৱম স্থান দখলেৰে গুৱাহাটী কৰ্মাচ কলেজৰ নাম উজলালে চিমি দাসে

চিমি দাসে একাউণ্টচত ৮৯, ইংৰাজীত ৮৫, অসমীয়াত ৯৩ , বিজনেছ ষ্টাডিছ ৮৯ আৰু চিএমএছটি (CMST)ত ৯৬, অৰ্থনীতি বিভাগত ৪২ নম্বৰ পাবলৈ সক্ষম হয়। পৰীক্ষাৰ বাবে বিশেষ প্ৰস্তুতি নাথাকিলেও দৈনিক পাঠ্যক্ৰম পঢ়িছিল চিমি দাসে। শিক্ষাৰ্থীগৰাকীয়ে কেতিয়াও নম্বৰৰ বাবে দৌৰিব নালাগে বুলি উল্লেখ কৰে। তদুপৰি, আগন্তক সময়ত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী পঢ়িবলৈ ইচ্ছুক বুলি চিমি দাসে জানিবলৈ দিয়ে।

লগতে পঢ়ক :মালিগাঁৱত ভয়ংকৰ ভূমিস্খলন

ABOUT THE AUTHOR

...view details