জালুকবাৰী,২৬মে' : দেওবাৰে গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুজন গাড়ী চোৰ । আটকাধীন চোৰকেইটাৰ নাম ৰাজা ব্ৰহ্মা আৰু লতিফ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে চোৰ দুটাৰ পৰা As 12 v 8554 নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰে ।
জালুকবাৰী আৰক্ষীৰ হাতত দুই গাড়ীচোৰ - ৰাজা ব্ৰহ্মা
জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই গাড়ীগাঁৱৰ পৰা আটক কৰে দুজনকৈ গাড়ী চোৰ, ৰাজা ব্ৰহ্মা আৰু লতিফ নামৰ চোৰকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন পালচাৰ বাইক

জালুকবাৰী আৰক্ষীয়ে আটক কৰে দুজন গাড়ীচোৰক
জালুকবাৰী আৰক্ষীয়ে আটক কৰে দুজন গাড়ীচোৰক
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা গাড়ীগাঁৱত ভাৰাতীয়া হিচাপে আছিল গাড়ী চোৰ দুজন । স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই চোৰ দুটাক আটক কৰে । ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।