ডিফু, ৮ নৱেম্বৰ: গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছন চমুকৈ জিডিএছএৰ উদ্যোগত যোৱা ৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলি থকা প্ৰথম জিডিএছএ মহিলা ফুটবল লীগ ২০২০ প্ৰতিযোগিতাত দেওবাৰৰ খেলত উন্নাৱ এফচিৰ হাতত দলদলী এফচি ১-০ গ'লৰ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হয় ৷ দেওবাৰে বিয়লি ৩ বজাত ডিফুস্থিত 'কাছা' ৰ অত্যাধুনিক খেলপথাৰত অনুষ্ঠিত হয় খেলখন।
জিডিএছএ মহিলা ফুটবল লীগঃ উন্নাৱ এফচিৰ হাতত পৰাজিত দলদলী এফ চি - Greater Diphu Sports Association
গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছনৰ প্ৰথম লীগত উন্নাৱ এফচিৰ হাতত ১-০ গ'লত পৰাজিত দলদলী এফচি ৷
![জিডিএছএ মহিলা ফুটবল লীগঃ উন্নাৱ এফচিৰ হাতত পৰাজিত দলদলী এফ চি Greater Diphu Sports Association first league:Unnai FC beats Daldali FC](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-08:50:50:1604848850-as10035diphu-081120201stgdsawomenfootball-08112020181941-0811f-1604839781-1045.jpg)
প্ৰথম জিডিএছএ মহিলা ফুটবল লীগঃ উন্নাৱ এফ চিৰ হাতত পৰাজিত দলদলী এফ চি
খেলখনৰ দ্বিতীয়াৰ্দ্ধৰ শেষলৈকে দলদলী এফচিৰ হৈ কোনো খেলুৱৈয়ে গ'ল পৰিশোধ কৰিব নোৱাৰিলে ৷ ফলত উন্নাৱ এফচি ১-০ গ'লত বিজয়ী হয় ৷ ৰেণছিং তেৰাঙে পৰিচালনা কৰা খেলখনত লাইনত সহায় কৰে ক্ৰমে, হনচিং কিলিঙ আৰু ৰামু ইংহিয়ে ৷ চতুৰ্থ ৰেফাৰী দায়িত্ব পালন কৰে বিজয় ৰংহাঙে ৷
লগতে পঢ়কঃ মূল্যবৃদ্ধিক লৈ বজাৰত খেপো মামাৰ হাহাকাৰ