গুৱাহাটী, ২০ ডিচেম্বৰ :গুৱাহাটী মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে পালন কৰা হয় । পুৱাই মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় । অনুষ্ঠানত আয়ুৰ্বেদ চিকিৎসা আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত এখন বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী তথা চিকিৎসক সকলৰ উদ্দেশ্যে উপস্থিত অতিথিসকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।
জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন - প্ৰতিষ্ঠা দিৱস
জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ লগতে সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাংগনত এক স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হয় ।
government ayurvedic college of jalukbari celebrate 73 years of service
অনুষ্ঠানত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমাকান্ত শৰ্মা, প্ৰাক্তন অধ্যক্ষ ভৱেশ দাস, প্ৰাক্তন অধ্যক্ষ ধনেশ্বৰ কলিতা, ড০ প্ৰদীপ গোস্বামী, ড০ প্ৰণৱজ্যোতি বৈশ্য প্ৰমুখ্যে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে । ইফালে প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ লগতে সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাংগনত এক স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হয় ।