গুৱাহাটী,২জুনঃ গোসাইগাঁৱত চাকৰিৰ নামত যুৱকৰ পৰা ধন লুট । গুৱাহাটী মহানগৰীৰ মাইক্ৰ'ফাইনেঞ্চ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে চাকৰিৰ নামত নিবনুৱা যুৱকৰ পৰা লুটিলে বৃহৎ পৰিমাণৰ ধন । এই কোম্পানীটোৱে গোসাইগাঁও,গুৱাহাটীকে ধৰি বহু ঠাইৰ যুৱকৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
গোসাইগাঁৱত চাকৰিৰ নামত নিবনুৱাৰ ধন আত্মসাৎ - ব্যক্তিগত কোম্পানী
গুৱাহাটী মহানগৰীৰ মাইক্ৰ'ফাইনেঞ্চ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে কৰ্ম সংস্থাপনৰ নামত গোসাইগাঁৱৰ নিবনুৱা যুৱকৰ পৰা লুটিলে বৃহৎ পৰিমাণৰ ধন, ধন উভতাই দিবলৈ কোম্পানীটোক দাবী যুৱককেইজনৰ
উল্লেখ্য যে, গোসাইগাঁৱৰ ভাওৰাগুৰিৰ টকেয়ামাৰি গাঁৱৰ গাঁওবুঢ়া ৰহি দাসৰ পুত্ৰ দয়াল চন্দ্ৰ দাসৰ নেতৃত্বতে অঞ্চলটোৰ বহু কেইগৰাকী নিৱনুৱা যুৱকে কোম্পানীটোক চাকৰিৰ নামত দিছিল ধন । গাঁও পঞ্চায়ত আৰু ভি চি ডি চি পৰ্যায়ত এজনকৈ গাঁও পঞ্চায়তত মিত্ৰ নিযুক্তি দিয়া হ'ব বুলি কোম্পানীটোৱে যুৱকসকলৰ পৰা ধন আদায় কৰিছিল । কোম্পানীটোৱে কৰ্ম সংস্থাপনৰ প্ৰলোভন দি প্ৰশিক্ষণ আৰু অন্যান্য সামগ্ৰীৰ বাবদ পাঁচ হাজাৰৰ পৰা চল্লিশ হাজাৰকৈ টকা লৈ এখনকৈ নিযুক্তি পত্ৰ দিয়াৰ লগতে টকা লোৱাৰ ৰচিদ দিয়ে ।
কিন্তু কোম্পানীটোৰ ওপৰত যুৱকসকলৰ সন্দেহ হোৱাত গুৱাহাটীৰ কাৰ্যালয়ত যোগাযোগ কৰে যুৱকসকলে । কিন্তু যুৱককেইজনে গুৱাহাটীৰ কাৰ্যলয়ত উপস্থিত হোৱাত নিযুক্তিপত্ৰসমূহ ভুৱা বুলি নিশ্চিত হোৱাত চিন্তিত হৈ যুৱকসকলে সংবাদ মাধ্যমৰ কাষ চাপে আৰু গুৱাহাটীৰ উক্ত কোম্পানীটোৰ স্বত্বাধিকাৰীক ধন উভতাই দিবলৈ দাবী জনায় য