নিউজ ডেস্ক,৭মে' : হংকঙত অনুষ্ঠিত এছিয়ান ভাৰত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে তামিলনাডুৰ আৰতী অৰুণে । দন্ত চিকিৎসক হিচাপে কৰ্মৰত আৰতী অৰুণৰ এই সাফল্যই সমগ্ৰ ভাৰতবাসীক উৎসাহিত কৰি তুলিছে । চাকৰিৰ সমান্তৰালকৈ প্ৰতিদিনে খেলৰ অনুশীলন কৰি গৈছিল আৰতীয়ে ।
হংকঙত ভাৰত্তোলনত সোণৰ পদক আৰতী অৰুণৰ - চেম্পিয়নশ্বিপ
আৰতী অৰুণৰ মন্তব্য-সকলো খেলকে মই সন্মান কৰো । আনহাতে তামিলনাডু চৰকাৰৰ পৰা কোনো সহায় পোৱা নাছিল বুলি অৰুণে মন্তব্য কৰি কয়-মই নিজে উপাৰ্জন কৰা ধনৰ পৰা ১লাখ ৫০হাজাৰ টকা ব্যয় কৰি খেলত অংশগ্ৰহণ কৰিছো । চৰকাৰে মোক এই ক্ষেত্ৰত কোনো প্ৰকাৰে সহায় নকৰিলে ।
ভাৰত্তোলনত সোণৰ পদক লাভ আৰতী অৰুণৰ