অসম

assam

ETV Bharat / briefs

ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত উদ্ধাৰ সোণ - ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ

ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ এৰাইভেল (arival/ আগমন) টাৰ্মিনেলৰ ডাষ্টবিনত উদ্ধাৰ হ'ল এক কিলোগ্ৰাম সোণ।

ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত উদ্ধাৰ সোণ

By

Published : May 29, 2019, 7:08 PM IST

নতুন দিল্লী,২৯ মে': ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰৰ এৰাইভেল টাৰমিনেল তিনিত থকা এটা ডাষ্টবিনৰ পৰা আজি উদ্ধাৰ হয় এক কিলোগ্ৰাম ওজনৰ সোণ। ইয়াৰ লগতে কিছু পৰিমাণৰ নিষিদ্ধ চিগাৰেটৰ পেকেটো উদ্ধাৰ হয়। এই সন্দৰ্ভত ইতিমধ্যে শুল্ক বিভাগে এক গোচৰ ৰুজু কৰিছে। সোণ খিনি এটা জাবৰ পেলোৱা পাত্ৰত কাগজেৰে মেৰিয়াই থোৱা অৱস্থাত কৰ্তব্যৰত অৱস্থাত থকা CISFৰ জোৱানে উদ্ধাৰ কৰে। চাৰিটাকৈ টুকুৰা থকা সোণ খিনিৰ ওজন এক কিলোগ্ৰাম হোৱাৰ লগতে ইয়াৰ মূল্য ৩১ লাখ ৬৩ হাজাৰ ৫০০ টকা বুলি জানিব পৰা গৈছে। বৰ্তমান বিমানবন্দৰত থকা চিচি টিভিৰ জৰিয়তে অভিযুক্তৰ সন্ধান চলি আছে। অভিযুক্ত আটকৰ বাবে ইতিমধ্যে আৰক্ষীৰ তদন্ত আৰম্ভ কৰা হৈছে।

https://preprod.etvbharat.com/hindi/delhi/state/new-delhi/gold-found-in-dustbin-at-igi-airport-delhi-1/dl20190529114838786

ABOUT THE AUTHOR

...view details