গোলাঘাট,20 এপ্ৰিলঃ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল গোলাঘাটৰ এখন বিশেষ বিবাহ । ৰুমালেৰে মুখ ঢাকি, ধুতী,পাঞ্জাৱী পৰিধান কৰি,চেলেং,গামোচা কান্ধত লৈ দৰা সাজত আহিল এগৰাকী আয়াৰলেণ্ডৰ যুৱক ৷ দৰাৰ লগত সুদূৰ আয়াৰলেণ্ডৰ পৰা আহিছে 37 জনীয়া এটা বৰযাত্ৰীৰ দল ৷ সাত সাগৰ তেৰ নদী পাৰ হৈ অসমীয়া যুৱতী বিয়া কৰাবলৈ সম্পূৰ্ণ অসমীয়া সাজতে আহিছে আয়াৰলেণ্ডৰ ড'নাল অ'ফাৰেল নামৰ এইজন যুৱক । তাৰোপৰি, দৰাৰ লগত আন বৰযাত্ৰীসকলেও পৰিধান কৰিলে অসমীয়া তথা জনগোষ্ঠীয় সাজপাৰ ৷
কইনা অসমীয়া, দৰা পৃথিৱীৰ সিমূৰৰ - মাইকেল অ'ফাৰেল
বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল গোলাঘাটৰ এখন বিবাহ ৷ মুঠ ৩৭ গৰাকী আয়াৰলেণ্ডৰ বৰযাত্ৰীৰ উপস্থিতিত অসমীয়া পৰম্পৰাৰে সম্পন্ন হ'ল বিবাহ ৷ সম্পূৰ্ণ অসমীয়া পৰম্পৰাৰে বিবাহ সম্পন্ন কৰি সুখী সুদূৰ আয়াৰলেণ্ডৰ দৰা ৷
অসমীয়া পৰম্পৰাৰে আয়াৰলেণ্ডৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ গোলাঘাটৰ জীয়ৰী
আয়াৰলেণ্ড নিউব্ৰীজ নিবাসী মাইকেল অ'ফাৰেল আৰু মাৰী অ'ফাৰেলৰ বিজ্ঞানী পুত্ৰ ড'নাল অ'ফাৰেলৰ সৈতে গোলাঘাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰকান্ত শইকীয়া আৰু অৱসৰপ্ৰাপ্ত প্ৰবক্তা চম্পা বড়োৰ কন্যা সুদেষ্ণা শইকীয়া বড়োৰ সৈতে সম্পন্ন হয় এই বিবাহ । বৰ্তমান অষ্টিয়াৰ ভিয়েনা বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা গোলাঘাটৰ কন্যাৰ লগত অসমীয়া পৰম্পৰাৰে বিবাহ পাশত আৱদ্ধ হৈ যথেষ্ট সুখী ড'নাল অ'ফাৰেল৷