অসম

assam

ETV Bharat / briefs

গোলাঘাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

গোলাঘাটৰ ফৰকাটিঙত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ, পৰিত্যক্ত কোঠালিৰ পৰা উদ্ধাৰ হোৱা মহিলাগৰাকী আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷

By

Published : May 26, 2019, 10:39 PM IST

গোলাঘাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

গোলাঘাট,২৬মে' : গোলাঘাটৰ ফৰকাটিঙত চাঞ্চল্যকৰ ঘটনা । ফৰকাটিঙৰ ৰাজেন্দ্ৰ আগৰৱালাৰ ৰাইচ মিলৰ চৌহদৰ এটা পৰিত্যক্ত কোঠালীত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ । প্ৰায় তিনি দিনৰ পূৰ্বে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱাত কৰ্মচাৰীসকলে কোঠালীটোত প্ৰৱেশ কৰে আৰু মৃতদেহটো প্ৰত্যক্ষ কৰে । কৰ্মচাৰীসকলে গৃহটোৰ স্বত্বাধিকাৰীৰ জড়িয়তে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

গোলাঘাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

উল্লেখ্য যে, কোনো দুষ্ট লোকে মহিলাগৰাকীৰ লগত দুষ্কাৰ্য সংঘটিত কৰি হত্যা কৰা বুলি ৰাইজে সন্দেহ কৰে যদিও এই পৰ্যন্ত মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই । ইফালে অচিনাক্ত মহিলা গৰাকী কেনেকৈ, ক'ৰ আহিল আৰু কি পৰিস্থিতিত মৃত্যু হ'ল সেই সম্পৰ্কে গোলাঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details