অসম

assam

ETV Bharat / briefs

গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ

গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব লগীয়া দৰিদ্ৰ পৰিয়ালৰ ৪০গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ শিক্ষা, দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰাৰ উদ্দেশ্যৰে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই হাতত লৈছে এই অভিনৱ পদক্ষেপ

By

Published : May 26, 2019, 5:02 PM IST

গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ

গোলাঘাট,২৭মে' : গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী সিদ্ধান্ত । দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাখণ্ডত আগবঢ়ায় লৈ যাবৰ বাবে মহাবিদ্যালয় খনে হাতত লৈছে অভিনৱ পদক্ষেপ । চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব লগীয়া দৰিদ্ৰ পৰিয়ালৰ প্ৰায় ৪০গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই । ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া ইউনিফৰ্ম, পাঠ্যপুথি, অভিজ্ঞ আৰু উচ্চ প্ৰশিক্ষিত শিক্ষকৰ দ্বাৰা গুণগত শিক্ষা প্ৰদান কৰা হ'ব । ইয়াৰোপৰিও অনুসূচীত জাতিৰ লগতে চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক জলপানীৰো ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ।

গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ


উল্লেখ্য যে, আৰ্থিক দুৰ্বলতাৰ বাবে বহু ছাত্ৰীয়ে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হয় । যাৰ বাব মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই হাতত লৈছে এই পন্থা । যাৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষিত হ'ব পাৰে । ইফালে, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত মুঠ এশখন আসন থকা মহাবিদ্যালয়খনত শতকৰা ৪০ শতাংশই বিনামূলীয়া শিক্ষা প্ৰদান শিক্ষাৰ্থীসকলৰ বাবে সুবিধা কৰি ৰখা হৈছে বুলি মন্তব্য কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ অভিজিত তামুলীয়ে ।

ABOUT THE AUTHOR

...view details