অসম

assam

গোলাঘাটত স্বেচ্ছাসেৱী সংগঠনৰ বিনামূলীয়া কিতাপ বিতৰণ

By

Published : Apr 25, 2019, 1:09 PM IST

গোলাঘাট জিলাৰ কুৱৰীগাওঁ প্ৰাথমিক বিদ্যালয়ত শিশুসকলৰ বৌদ্ধিক তথা শিক্ষাৰ প্ৰতি মনোযোগ বৃদ্ধিৰ বাবে শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনে বিনামূলীয়া কিতাপ বিতৰণ কৰে

বিনামূলীয়া কিতাপ বিতৰণ

গোলাঘাট,25 এপ্ৰিলঃ অসমীয়া ভাষাৰ প্ৰসাৰ আৰু শিশুৰ বৌদ্ধিক বিকাশৰ বাবে শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনে এক কাৰ্যসূচী হাতত লয় ৷ বৃহস্পতিবাৰে গোলাঘাটৰ কুৱৰীগাঁও প্ৰাথমিক বিদ্যালয়ত শিশুৰ উপযোগী আলোচনী, সঁফুৰা, মৌচাক, টিংকল আৰু সাধু কিতাপ বিনামূলীয়াকৈ শিশু সকলৰ মাজত বিতৰণ কৰে ৷ কণ কণ শিশুসকলৰ কুমলীয়া বয়সতেই যাতে অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি পায় আৰু বৌদ্ধিক বিকাশ ঘটে তাৰ বাবে সংগঠনটোৱে এই কাৰ্যসূচী হাতত লয় ৷ শিশুসকলৰ শিক্ষাৰ প্ৰতি মনোযোগ বৃদ্ধিৰ বাবে শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনে এই কিতাপসমূহ বিক্ৰী নকৰি বিদ্যালয়ৰ শিশুসকলৰ মাজত বিতৰণ কৰাৰ সিদ্ধান্ত লয় ৷ সংগঠনটোৰ এনে পদক্ষেপৰ বাবে বিদ্যালয়খনৰ শিক্ষকসকলে শংকৰ বুক'ষ্টল আৰু পায়নিয়াৰ ফাউণ্ডেশ্যনক শলাগ লয় ৷

বিনামূলীয়া কিতাপ বিতৰণ

ABOUT THE AUTHOR

...view details