অসম

assam

By

Published : Jul 6, 2020, 1:16 PM IST

ETV Bharat / briefs

বিশ্বজুৰি কৰ'ণাৰ বিভীষিকাঃ ১,১৫,৪৯,৮৬৭ গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

বিগত কেইবাদিন ধৰি ফিলিপাইনত বহুসংখ্যক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। ৰাষ্ট্ৰখনৰ অৰ্থব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কোৱাৰেণ্টাইনৰ নীতি-নিয়ম কিছু শিথিল কৰি দিয়াৰ পাছতে ৰাষ্ট্ৰখনত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ।

বিশ্বজুৰি কৰ'ণাৰ বিভীষিকা
Global COVID-19 tracker

নিউজ ডেস্ক, ৬ জুলাইঃ বিশ্বজুৰি একপ্ৰকাৰ কালৰূপ ধাৰণ কৰিছে মহামাৰী কোভিড-১৯য়ে। প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিশ্বৰ প্ৰায় ২১৩ খন দেশ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল এই ভাইৰাছৰ কৱলত পৰিছে। শেহতীয়াকৈ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ১,১৫,৪৯,৮৬৭ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-১৯ পজিটিভ লোকৰ সংখ্যা। ইয়াৰে ৬৫,৩০,০২১ গৰাকী লোকে আৰোগ্য লাভ কৰিছে যদিও ৫,৩৬,৪৪৩ গৰাকী ৰোগীয়ে এই মহামাৰীৰ ফলত প্ৰাণ হেৰুৱাইছে।

বিশ্বজুৰি কৰ'ণাৰ বিভীষিকাঃ ১,১৫,৪৯,৮৬৭ গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

বিগত কেইবাদিন ধৰি ফিলিপাইনত বহুসংখ্যক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। ৰাষ্ট্ৰখনৰ অৰ্থব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কোৱাৰেণ্টাইনৰ নীতি-নিয়ম কিছু শিথিল কৰি দিছিল যদিও সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কঠোৰ লকডাউন বলবত্ কৰিবলগীয়া হোৱাৰ সম্ভাৱনা আছে।

এনেদৰে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ থাকিলে হাস্পতালসমূহত ৰোগী ভৰ্তি হৈ যাব। লগতে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে পুনৰ লকডাউন ঘোষণা কৰিব লাগিব পাৰে বুলি স্বৰাষ্ট্ৰ সচিব এদুয়াৰ্দো আনোই প্ৰকাশ কৰে।

বিশ্বজুৰি কৰ'ণাৰ বিভীষিকাঃ ১,১৫,৪৯,৮৬৭ গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ৰাষ্ট্ৰখনৰ কৰ'ণা ৰোগীৰ বাবে ঘোষণা কৰা মনিলা হাস্পতালত ইতিমধ্যে কোভিড-১৯ ৱাৰ্ডসমূহ পূৰ্ণ হৈছে। সেয়ে নতুন ৰোগীসকলক অন্য হাস্পতালত ভৰ্তি কৰোৱাৰ বাবে হাস্পতাল কৰ্তৃপক্ষই আহ্বান জনাইছে।

দেশৰখনৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰপতি ৰদ্ৰিগো দুটাৰ্তে কোভিড-১৯ৰ কেন্দ্ৰস্থল মনিলা চহৰত ১ জুনৰ পৰা লকডাউন শিথিল কৰি দিছিল। ইফালে, কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত বাণিজ্যিক তথা জনপ্ৰিয় পৰ্যটনস্থলী চেণ্টেল চেবু চহৰত কঠোৰ লকডাউন ঘোষণা কৰা হৈছিল।

লগতে চাওকঃ ৰুছক পিছ পেলাই কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় শীৰ্ষত ভাৰত

ABOUT THE AUTHOR

...view details