অসম

assam

By

Published : Jun 7, 2020, 9:04 PM IST

ETV Bharat / briefs

বিশ্বজুৰি কৰ'ণাৰ বিভীষিকাঃ মৃত্যু ৪ লাখৰো অধিক

বিশ্বৰ ভিতৰত আমেৰিকাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড ১৯ত । বৰ্তমানলৈকে ৰাষ্ট্ৰখনত ১৯,২০,০৬১ গৰাকী লোকৰ দেহত কোভিড ১৯ ৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ১,০৯,৮০২ গৰাকী ৰোগী ।

বিশ্বজুৰি কৰ'ণাৰ বিভীষিকা
global coronavirus death toll crosses 4 lakh

ইণ্টাৰনেশ্বনেল ডেস্ক, ৭ জুনঃসমগ্ৰ বিশ্বতে কোভিড ১৯ত আক্ৰান্ত হৈছে মুঠ ২১৩ খন ৰাষ্ট্ৰৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল । বিশ্বজুৰি মুঠ ৬৯,১৬,২৩৩ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড ১৯ত । আনহাতে, দেওবাৰে বিয়লি ভাগলৈ এই মহামাৰীত মৃত্যুমুখত পৰিছে ৪ লাখৰো অধিক লোক ।

জনচ্ হ'পকিঞ্চ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি, এইপৰ্যন্ত মুঠ ৪,০০,১৩৫ গৰাকী লোকৰ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে । দেশত ভিতৰত আমেৰিকাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড ১৯ত । ৰাষ্ট্ৰখনত একপ্ৰকাৰ কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণাই । বৰ্তমানলৈকে ৰাষ্ট্ৰখনত ১৯,২০,০৬১ গৰাকী লোকৰ দেহত কোভিড ১৯ৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ১,০৯,৮০২ গৰাকী ৰোগী ।

সমান্তৰালভাৱে, বিশ্বৰ ভিতৰত কোভিড ১৯ আক্ৰান্ত দেশৰ তালিকাৰ দ্বিতীয় স্থানত আছে ব্ৰাজিল । দেশখনত এই ভাইৰাছত আক্ৰান্ত হৈ প্ৰতিদিনে মৃত্যু হৈছে প্ৰায় ১০০০ গৰাকীকৈ লোকৰ । বৰ্তমানলৈকে ব্ৰাজিলত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা মুঠ ৬,৭২,৮৪৬ গৰাকী । ইয়াৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫,৯৩০ গৰাকী ।

ৰাছিয়াতো দৈনিক দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড ১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা । এইপৰ্যন্ত ৪,৬৭,৪৯৪ গৰাকী লোকলৈ সংক্ৰমিত হৈছে কোভিড ১৯ ৰ বিজাণু । লগতে, এই মহামাৰীত প্ৰাণ হেৰুৱাইছে ৫,৮৫৯ গৰাকী ব্যক্তিয়ে ।

ইফালে, কিছুদিন পূৰ্বে একপ্ৰকাৰ মৃত্যু উপত্যকাত পৰিণত হোৱা ইটালীক চেৰ পেলাই কোভিড আক্ৰান্ত দেশৰ ষষ্ঠ স্থানত আছে ভাৰত । বৰ্তমান দেশখনত ২,৫৩,০০০ গৰাকীৰ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৬,৯৯০ গৰাকী ব্যক্তিৰ । কিন্তু বিশ্বৰ অন্য ৰাষ্ট্ৰৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ যথেষ্ট কম বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

...view details