গুৱাহাটী,14 অক্টোবৰ: বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত একাংশ শিক্ষাৰ্থীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। বি এডৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰিলে এই প্ৰতিবাদ। কৰ'ণাৰ ভয়াৱহতাৰ বাবে পাঠদান সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ বাবে প্ৰস্তুত নহয় ছাত্ৰ-ছাত্ৰীসকল । ইফালে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নৱেম্বৰৰ প্ৰথম ভাগত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা জাননিযোগে অৱগত কৰিলে শিক্ষাৰ্থীসকলক ; কিন্তু পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অমান্তি হৈছে শিক্ষাৰ্থীসকলে। পৰীক্ষা অবিহনেই দ্বিতীয় বৰ্ষলৈ উন্নীত কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদী শিক্ষাৰ্থীসকলে । ইতিমধ্যে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক দুবাৰকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী শিক্ষাৰ্থীসকলে । ইফালে শীঘ্ৰে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এক সিদ্ধান্ত ল'বলৈ দাবী জনাইছে এইসকল ছাত্ৰ-ছাত্ৰীয়ে । যদিহে শিক্ষাৰ্থীসকলৰ দাবী মানি নলয় তেন্তে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে ।
গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ
কৰ'ণাৰ ভয়াৱহতাৰ বাবে পাঠদান সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ বাবে প্ৰস্তুত নহয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ৷ পৰীক্ষা অবিহনেই দ্বিতীয় বৰ্ষলৈ উন্নীত কৰাৰ দাবী শিক্ষাৰ্থীসকলৰ ৷
শিক্ষাৰ্থীৰ প্ৰতিবাদ
উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত মুঠ ৩,৭০০ গৰাকী বি এড প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে ।