লণ্ডন,১৯ ডিচেম্বৰ: বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে জনোৱা মতে, ইউৰোপ আৰু বৃটেইনৰ মাজৰ বাণিজ্যিক আলোচনা সমূহ পুনৰ আৰম্ভ কৰা হ’ব ৷ লগতে দুয়ো দেশৰ মাজত থকা বিভিন্ন বিষয়ৰ দুৰত্ব আলোচনাৰ মাধ্যমৰে হ্ৰাস কৰিবলৈ চেষ্টা চলোৱা হ’ব ৷ শুকুৰবাৰে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে ৷
কিন্তু বৃটেইনে এইক্ষেত্ৰত নিয়ম তথা আইন নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰা উচিত ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰা অনুসৰি ক্ৰমাৎ এই বিষয়ে সমস্যা সৃষ্টি হৈছে ৷ কিন্তু বৃটেইনেে এনে সমস্যা সমাধান কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকী আশাবাদী ৷