যোৰহাট, 17 জুনঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিশ্ববিদ্যালয়খনৰ সোনালী জয়ন্তী বৰ্ষ উপলক্ষে নিৰ্মাণ কৰি উলিওৱা ৰাজ্যৰ ভিতৰতে প্ৰথমটো কৃষি সংগ্ৰহালয় উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷
ৰাজ্যৰ প্ৰথমটো কৃষি সংগ্ৰহালয় স্থাপন অসম কৃষি বিশ্ববিদ্য়ালয়ত
ৰাজ্যত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে কৃষি সংগ্ৰহালয় ৷ যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সংগ্ৰহালয়টো উদ্বোধন কৰে অসমৰ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত থকা সংগ্ৰহালয়টোত কৃষি উৎপাদনৰ পৰা বিপণনলৈকে সকলোখিনি প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হৈছে ৷ ইয়াৰ উপৰিও পৰম্পৰাগত তথা বিজ্ঞানসন্মত কৃষি পৰিক্ৰমাৰ দৃশ্যৰাজিও সংগ্ৰহ কৰা হৈছে সংগ্ৰহালয়টোত ৷ ধান-খেতিৰ পৰা আৰম্ভ কৰি উদ্যান শস্য,মীন-পালন,পশুপালন,উদ্যান শস্য আদি পৃথকে পৃথকে পদ্ধতিগত ভাৱে উপস্থাপন কৰা হৈছে সংগ্ৰহালয়টোত ৷
খেতি মাটি চহোৱাৰ পৰা হাহ-কুকুৰা পালন,গাহৰি পালন,চাহখেতি,মুগা পালনো উপস্থাপন কৰা হৈছে। পৌৰাণিক আৰু আধুনিক কৃষি কাৰ্যৰ পৰিক্ৰমাক উপস্থাপন কৰা সংগ্ৰহালয়টোত ৰাজ্যৰ কৃষি ক্ষেত্ৰত গৱেষণাৰ বাবে ড্ৰোণ উৰুৱা,শেহতীয়া প্ৰযুক্তিৰে শস্য ৰোৱা আৰু মৰণা মৰা কৌশল তথা সেউজগৃহৰ প্ৰকল্পও আছে ৷ ইয়াৰ দ্বাৰাই কৃষি সম্বন্ধীয় গৱেষণাৰ ক্ষেত্ৰত কৃষক তথা শিক্ষাৰ্থীসকল বহুপ্ৰকাৰে সহায় কৰিব সংগ্ৰহালয়টোৱে ৷