ইণ্টাৰনেশ্যনেল ডেস্ক, 13 জুন:আমেৰিকাৰ এৰিজোনা ৰাজ্যৰ টক্সন চহৰৰ সমীপৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এৰিজোনাৰ নিবাসী শতাধিক লোকক শুকুৰবাৰে এক জাননী জাৰি কৰি ঘৰলৈ ওভতাৰ অনুমতি প্ৰদান কৰা হৈছিল ৷ ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ দলে বনজুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ এই অগ্নিকাণ্ডত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোহৰলৈ অহা নাই ৷
অগ্নি নিৰ্বাপক ব্যৱস্থাপনা দলৰ সাৰ্বজনিক সূচনাৰ বিষয়া এডম জাৰোল্ডে কয় যে,"আমাৰ অগ্নি নিৰ্বাপক বাহিনীয়ে সষ্টম হৈ ভালদৰে কাম কৰাৰ ফলত এই জুইৰ প্ৰভাৱ জনবসতি থকা অঞ্চলত গৈ কম হৈ পৰিছে ৷"
আমেৰিকাৰ টক্সনৰ জংঘলত বনজুই,যুঁজ দিছে অগ্নি নিৰ্বাপক বাহিনীয়ে ! - টক্সন চহৰৰ সমীপৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যত ভয়ংকৰ অগ্নিকাণ্ড
অগ্নিনিৰ্বাপক ব্যৱস্থাপনা দলৰ সাৰ্বজনিক সূচনাৰ বিষয়া এডম জাৰোল্ডে জানিবলৈ দিয়ে যে,অগ্নি নিৰ্বাপক বাহিনীয়ে সষ্টম হৈ ভালদৰে কাম কৰাৰ ফলত জুইৰ প্ৰভাৱ জনবসতি থকা অঞ্চলত গৈ কম হৈ পৰিছে ।
আমেৰিকাৰ টক্সনৰ জংঘলত বনজুই, যুঁজ দিছে অগ্নি নিৰ্বাপক বাহিনীয়ে !