অসম

assam

ETV Bharat / briefs

নিৰ্বাচন আয়োগৰ ৰোষত কম্পিউটাৰ বাবা

ভূপাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নিৰ্বাচন আয়োগৰ ৰোষত পৰিল কম্পিউটাৰ বাবা, নিৰ্বাচনী প্ৰচাৰ অভিযান চলি থকা সময়তে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি আয়োগৰ ৰোষত পৰে বাবাজন ৷

By

Published : May 17, 2019, 11:19 AM IST

নিৰ্বাচন আয়োগৰ ৰোষত পৰিল কম্পিউটাৰ বাবা

নিউজ ডেস্ক,১৭মে' : কম্পিউটাৰ বাবাৰ বিৰুদ্ধে সৰৱ নিৰ্বাচন আয়োগ । বৃহস্পতিবাৰে ভূপাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল এজন বাবাই । নিজকে কম্পিউটাৰ বাবা হিচাপে চিনাকি দিয়া লোকজনে নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়তে বাবাজনে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰে । যাৰ বাবে স্থানীয় আৰক্ষীয়ে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ৰুজু কৰে এক গোচৰ ।


উল্লেখযোগ্য যে, ভূপালত ১৯মে'ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযান সমাপ্ত হ'ব ১৭মে'ত । এই নিৰ্বাচনী প্ৰচাৰ অভিযানত দিগ্বিজয় সিঙৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল কম্পিউটাৰ বাবাজন । কিন্তু প্ৰচাৰৰ সময়ত নিৰ্বাচন আচৰণ বিধি ভংগৰ অপৰাধতেই আৰক্ষীৰ ৰোষত পৰিবলগীয়া হয় বাবাজন ।

ABOUT THE AUTHOR

...view details