অসম

assam

ETV Bharat / briefs

সীমান্তৰ উত্তেজনাক লৈ চীন-ভাৰতৰ বিগ্ৰেড-কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক - field-commanders-of-indian-chinese-armies-hold-interaction-in-eastern-ladakh

দুই পক্ষৰ মাজত এই সপ্তাহৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে তিনি বাৰকৈ বিগ্ৰেড কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে । নতুনকৈ হোৱা মুখামুখি সংঘৰ্ষৰ পিচত যোৱা কিছুদিন ধৰি ভাৰত চীন সীমান্তৰ ছুছুলত দুয়োখন দেশেই সেনাৰ উপস্থিতি বৃদ্ধি কৰিছে।

সীমান্তৰ উত্তেজনাক লৈ চীন-ভাৰতৰ বিগ্ৰেড-কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক
সীমান্তৰ উত্তেজনাক লৈ চীন-ভাৰতৰ বিগ্ৰেড-কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক

By

Published : Sep 5, 2020, 3:42 PM IST

নতুন দিল্লী, ৫ চেপ্তেম্বৰঃভাৰত চীন সীমা বিবাদক লৈ যিমানেই আলোচনা অব্যাহত আছে সিমানেই সীমান্ত অঞ্চলত অব্যাহত আছে উত্তেজনাৰ । শুকুৰাবাৰে পাংগং হ্ৰদৰ দক্ষিণ অঞ্চলৰ উত্তেজনা নিৰসন কৰাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় দুয়োখন দেশৰ সেনাবাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলৰ মাজত । পূৰ্ব লাডাখৰ পৰিস্থিত নিৰসনৰ বাবে দুযোখন দেশৰ বিগ্ৰেড-কামাণ্ডাৰ পৰ্যায়ত হোৱা এই বৈঠকত আলোচনা কৰা হয় কেবাটাও প্ৰসংগ । চৰকাৰী সূত্ৰই জনোৱা অনুসৰ শুকুৰাবাৰে পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা বৈঠক খন দিনৰ ২ বজালৈকে সীমান্তৰ ছুছুল নামৰ ঠাই ডোখৰত হয় বুলি জনাইছে । অৱশ্যে বৈঠকৰ ফলাফল সম্পৰ্কত এই পৰ্যন্ত কোনো তথ্য সদৰি কৰা নাই ।

দুই পক্ষৰ মাজত এই সপ্তাহৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে তিনি বাৰকৈ বিগ্ৰেড কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে । নতুনকৈ হোৱা মুখামুখি সংঘৰ্ষৰ পিচত যোৱা কিছুদিন ধৰি ভাৰত চীন সীমান্তৰ ছুছুলত দুয়োখন দেশেই সেনাৰ উপস্থিতি বৃদ্ধি কৰিছে।

সীমান্তৰ উত্তেজনাfield-commanders-of-indian-chinese-armies-hold-interaction-in-eastern-ladakhক লৈ চীন-ভাৰতৰ বিগ্ৰেড-কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক

পাঁচ দিন পূৰ্বে চীনে যেতিয়া পাংগম হ্ৰদৰ কাষত দক্ষিণ অঞ্চলত ভাৰতীয় ভূমি দখলৰ বাবে ব্যৰ্থ চেষ্টা চলাইছিল তাৰ পিচৰ পৰাই সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে । মন কৰিবলগীয়া যে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত দুয়োখন দেশেই কূটনৈতিক আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে ব্যস্ত আছিল ।

পেংগং হ্ৰদৰ দক্ষিণ দিশে কেবাটাও উচ্চ অঞ্চল ভাৰতে দখল কৰিছে, যিকেইটা কৌশলগত কাৰণত অতি প্ৰয়োজনীয় । যাতে চীনা সৈন্যৰ আগ্ৰাসন ৰোধ কৰিব পাৰি তাৰ বাবে ভাৰতীয় সৈন্যই ফিংগাৰ-২ আৰু ফিংগাৰ-৩ অঞ্চলটোত সেনাৰ সঞ্চালন পূৰ্বতকৈ বৃদ্ধি কৰিছে । এই ঘটনাৰ পিচতে ভাৰতে উক্ত অঞ্চলত সৈন্যৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে অতিৰিক্ত অস্ত্ৰ শস্ত্ৰ মজুত কৰিছে ।

সেনাবাহিনীৰ প্ৰধান জেনেৰেল এম এম নাৰভানে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লাডাখ ভ্ৰমণ কৰে । এই সময়ছোৱাত তেওঁ সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে নিৰাপত্তাৰ দিশটোৰ সম্পৰ্কত বিস্তৃত আলোচনা কৰে । উল্লেখ্য যে, সেনা প্ৰধানগৰাকীয়ে সীমান্তৰ বিবাদিত তিনিওটা অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

জেনেৰেল নাৰভানে পৰিস্থিতি পৰ্যবেক্ষণ কৰি কয় যে, নিয়্ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ ।আমি কিছু কিছু ঠাইত সতৰ্কতা মূলকভাৱে সেনা মোতায়েন কৰিছো। ভাৰতীয় সেনাবাহিনীয়ে যিকোনো পৰিস্থিতিৰ বাবে সাজু আছে । লগতে তেওঁ কয় যে, এই সকলো পদক্ষেপ নিয়ন্ত্ৰণ ৰেখাৰ কাষত কৰা হৈছে ৷

সীমান্তৰ উত্তেজনাfield-commanders-of-indian-chinese-armies-hold-interaction-in-eastern-ladakhক লৈ চীন-ভাৰতৰ বিগ্ৰেড-কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক

লগতে চাওকঃ ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডো-পেচিফিক ৰণনৈতিক কৌশলৰ মধ্যমণি হৈয়ে থাকিব : জ্যেষ্ঠ কূটনীতিবিদ

ABOUT THE AUTHOR

...view details