ইন্টাৰনেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ বিজয়ত আনন্দিত হৈ পৰিছে চেন্নাইৰ তেখেতৰ মাহীয়েক ডা০ সৰলা গোপালন আৰু তেখেতে কমলা হেৰিছৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ।
তেখেতে সাংবাদিকৰ আগত জনায়, শনিবাৰে তেখেতে কমলা হেৰিছৰ সৈতে কথা পাতিবলৈ অসমৰ্থ হয়, কাৰণ তেখেতে গোটেই দিনটো নিৰ্বাচনৰ চূড়ান্ত ঘোষণাৰ বাবে অপেক্ষা কৰি আছিল । ইয়াৰ উপৰিও তেখেতে ভাৰাসিদ্ধি বিনায়কৰ মন্দিৰত হেৰিছৰ জয়ৰ বাবে প্ৰাৰ্থনা আগবঢ়াইছে নে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেখেতে কয়, মই যেতিয়াই ভাৰাসিদ্ধি বিনায়কৰ মন্দিৰ দৰ্শন কৰিবলৈ যাও তেতিয়াই মন্দিৰত নাৰিকল ভাঙো । কিন্তু এইবেলা মই ক'ভিড ১৯ৰ বাবে মন্দিৰ দৰ্শন কৰিব নোৱাৰিলো। কিন্তু মোৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদ সদায় কমলাৰ সৈতে আছে ।