অসম

assam

সুশান্ত সিং ৰাজপুতৰ ফটো শ্বেয়াৰ বন্ধ কৰাৰ আহ্বান বলিউডৰ

By

Published : Jun 15, 2020, 4:48 PM IST

মহাৰাষ্ট্ৰৰ চাইবাৰ আৰক্ষী বিভাগে সুশান্তৰ শৱদেহৰ ছবি প্রচাৰ কৰা লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰিছিল ।

Farah Khan fumes as Sushant's dead body picture goes viral
Farah Khan fumes as Sushant's dead body picture goes viral

মুম্বাই ১৫ জুন : অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছতেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেতাগৰাকীৰ ফটো । সুশান্তৰ অনুৰাগীৰ এই কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে কৰিঅ'গ্ৰাফাৰ তথা চলচ্চিত নিৰ্মাতা ফাৰা খানে ।

সুশান্ত সিং ৰাজপুতৰ ফটো শেয়াৰ বন্ধ কৰাৰ আহ্বান বলিউডৰ

ফাৰা খানে টুইটত উল্লেখ কৰে যে, "মোৰ বন্ধু # সুশান্ত সিং ৰাজপুতৰ খুব কম বয়সত মৃত্যু হৈছে । ই কোনো মনোৰঞ্জন নহয়, এক মৰ্মান্তিক ঘটনা । সুশান্তৰ মৃত্যুৰ ছবি প্রচাৰ কৰা বন্ধ কৰক । আমি কি এই পৃথিৱীতে বাস কৰিছো ?"

টেলিভিছন অভিনেতা অলি গনিয়েও অনুৰাগীক সুশান্তৰ মিমিক্ৰি তথা উক্ত ছবিৰ প্রচাৰ কৰা বন্ধ কৰাৰ আহ্বান জনায় ।

এটা ভিডিঅ' শ্বেয়াৰ কৰি অলি গনিয়ে কয় যে, "অনুগ্ৰহ কৰি এই কাৰ্য বন্ধ কৰক । অনুগ্ৰহ কৰি এজনে আনজনক সহায় কৰক । #ripsushantsinghrajput" ।

অভিনেত্ৰী মীৰা চোপ্ৰাই টুইটাৰ উল্লেখ কৰে, "প্লাজত শৱদেহৰ ছবি লোৱা বন্ধ কৰা হৈছে । ই অত্যন্ত সংবেদনশীল" ।

ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ চাইবাৰ আৰক্ষী বিভাগে সুশান্তৰ শৱদেহৰ ছবি প্রচাৰ কৰা লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰিছিল । বিভাগটোৱে ইতিপূৰ্বে টুইটাৰত শ্বেয়াৰ কৰা ফটো আঁতৰোৱাৰ কাৰণেও সকলোকে আহ্বান জনাইছিল ।

মহাৰাষ্ট্ৰৰ বান্দ্ৰাস্থিত বাসগৃহত দেওবাৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ ৷ অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো আত্মহত্যা কৰাৰ কথা প্ৰকাশ পায় । সুশান্ত সিঙৰ মৃত্যুৱে সমগ্ৰ দেশৰ মনোৰঞ্জন ক্ষেত্ৰখনত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : নিয়াৰ জিম্মালৈ কলকাতাত গ্ৰেপ্তাৰ হোৱা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details