গুৱাহাটী, 23 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ মাজতে ই ভি এম বিসংগতিৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই ৷ প্ৰাক্তন সঞ্চালক প্ৰধান গৰাকীয়ে ভোটদান কৰা প্ৰাৰ্থীৰ পৰিৱৰ্তে অন্য প্ৰাৰ্থীলৈ তেওঁৰ ভোট যোৱাৰ অভিযোগ সঞ্চালকগৰাকীৰ ৷ মহানগৰীৰ লাচিত নগৰ ১৫৫নং প্ৰাথমিক বিদ্যালয়ত পুৱাৰ ভাগত হৰেকৃষ্ণ ডেকাই ভোটদান কৰাৰ পিচত ই ভি এমত তেওঁ ভোটদান কৰা প্ৰাৰ্থীজনে ভোট নাপাই বেলেগ এজন প্ৰাৰ্থীয়ে ভোট পায় বুলি মন্তব্য প্ৰকাশ কৰে ।
ই ভি এম বিসংগতিৰ অভিযোগ হৰেকৃষ্ণ ডেকাৰ - Loksabha Election
ই ভি এম বিসংগতিৰ গুৰুতৰ অভিযোগ অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ ৷ ভোটদান কৰা প্ৰাৰ্থীৰ পৰিৱৰ্তে অন্য প্ৰাৰ্থীলৈ তেওঁৰ ভোট গৈছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন সঞ্চালক প্ৰধানগৰাকীয়ে
ই ভি এম বিসংগতিৰ অভিযোগ হৰেকৃষ্ণ ডেকাৰ
উল্লেখ্য যে, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ইয়াৰ অভিযোগ নিৰ্বাচনী বিষয়াক কৰে যদিও নিৰ্বাচনী বিষয়াই তেওঁক দুটকা জমা দি অভিযোগ উত্থাপন কৰিব পৰা ব্যৱস্থা সম্পৰ্কে উল্লেখ কৰে ৷ আনহাতে তেওঁৰ অভিযোগ মিছা প্ৰমাণিত হ'লে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলিও উল্লেখ কৰে ৷