নিউজ ডেস্ক, ১২ জুনঃ উত্তৰাখণ্ডৰ পাউৰি জিলাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক সহায়ৰ হাত আগবঢ়ালে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী অৰবিন্দ পাণ্ডে। কোভিড-১৯ৰ সংকটৰ বাবে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক ডাউনৰ বাবে পাউৰিত আবদ্ধ হৈ আছিল মণিষা নামৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী। কিন্তু ৰাজ্য চৰকাৰে ২০ জুনৰ পৰা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰাৰ পাছতে চিন্তিত হৈ পৰে ছাত্ৰীগৰাকী।
আৰ্থিকভাৱে পিছ পৰা পৰিয়ালৰ ছাত্ৰীগৰাকী হৰিদ্বাৰত অধ্যয়নৰত আছিল। কিন্তু লকডাউনৰ বাবে পাউৰিৰ পৰা হৰিদ্বাৰলৈ উভতি আহিবলৈ কোনো যান-বাহনৰ সুবিধা নথকাত এইবছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থকাৰ কথা ভাবিছিল ছাত্ৰীগৰাকীয়ে। আৰ্থিক ভাৱে দুৰ্বল হোৱা হেতুকে নিজাববীয়াকৈ কোৱো ব্যক্তিগত বাহন অথবা অন্য কোনো উপায়েৰে হৰিদ্বাৰলৈ উভতি আহিব পৰা উপায় নাছিল।