কুপৱাৰা,(জম্মু কাশ্মীৰ) ৫ চেপ্তেম্বৰঃশনিবাৰে জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ ৱাৰ্ণো এলেকাৰ দানা বেহাকৰ এখন অৰণ্যত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত যোৱা শুকুৰবাৰৰ পৰা অভিযান চলাই আছে আৰু শুকুৰবাৰে পুৱা বাড়ামুল্লা জিলাত লগা এক সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদীক গুলিয়াই নিহত কৰে । কুপৱাৰা জিলাৰ অনন্তপুৰৰ বুচু-কমলা বনাঞ্চলত আত্মগোপন কৰা জেইছ ই মহম্মদৰ এটা সন্ত্ৰাসবাদীৰ দলৰ তথ্য লাভ কৰাৰ পিচতে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ব্যাপক অভিযান চলায় । তালাচী অভিযান এতিয়াও অব্যাহত আছে যদিও সেনাৰ তৰফৰ পৰা বিশেষ একো জনোৱা হোৱা নাই ।
জম্মু কাশ্মীৰৰ কুপৱাৰাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাবাহিনীৰ
আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত যোৱা শুকুৰবাৰৰ পৰা অভিযান চলাই আছে আৰু শুকুৰবাৰে পুৱা বাড়ামুল্লা জিলাত লগা এক সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদীক গুলিয়াই নিহত কৰে ।
জম্মু কাশ্মীৰৰ কুপৱাৰাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ নিৰাপত্তাবাহিনীৰ
অঞ্চলটোত তালাচীৰ সময়ত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জে এমৰ তিনিটা বিস্ফোৰক লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰি ধ্বংস কৰে সেনাবাহিনীয়ে । আৰক্ষীয়ে জনোৱা অনুসৰি নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ দলটোৱে গোপন অস্ত্ৰ-শস্ত্ৰ সমূহৰ লগতে আই ই ডি আৰু বহুতো সামগ্ৰী উদ্ধাৰ কৰে । ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।